ETV Bharat / state

গোলাঘাটত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Nov 28, 2019, 11:11 AM IST

গোলাঘাট আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে পিকু শইকীয়া আৰু নিকু শইকীয়া নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক ৷ দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহকাৰী দুজনে গোলাঘাট আৰু যোৰহাটত ড্ৰাগছ যোগান ধৰি আহিছিল ৷ গোলাঘাট কমাৰ্চ কলেজৰ সমীপৰ ভাড়াঘৰৰ পৰাই এই ব্যৱসায় চলি আছিল ৷

Golaghat two Drugs dealer  arrested
গোলাঘাটত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ সৰবৰাহকাৰী

গোলাঘাট, 28 নৱেম্বৰ: গোলাঘাটত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ সৰবৰাহকাৰী। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন হৈছে নিকু শইকীয়া আৰু পিকু শইকীয়া। গোলাঘাট আৰক্ষীৰ 'মষ্ট ৱানটেড' নিকু শইকীয়াক গোলাঘাট কমাৰ্চ কলেজৰ সমীপৰ এটা ভাড়াঘৰৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। নিকু শইকীয়া বহু সময় ধৰি গোলাঘাটৰ ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত আছিল। যোৰহাট জিলাৰ তিতাবৰৰ বাসিন্দা নিকু শইকীয়া। নিকু শইকীয়াই গোলাঘাট কমাৰ্চ কলেজৰ সমীপৰ ভাড়াঘৰৰ পৰাই এই ব্যৱসায় পৰিচালনা কৰিছিল। কলেজৰ নিচেই সমীপত ছাত্ৰৰ সৈতে একেলগে ভাড়া লৈ থকা নিকু শইকীয়াৰ পৰা বহু ছাত্ৰ ড্ৰাগছৰ প্ৰতি আসক্ত হোৱাৰ সন্দেহ।

গোলাঘাটত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ সৰবৰাহকাৰী
আনহাতে গোলাঘাট বনগাঁৱৰ পিকু শইকীয়াই ড্ৰাগছ বিচাৰি নিকু শইকীয়ালৈ ফোন কৰাৰ সময়তেই গোলাঘাট আৰক্ষীয়ে বনগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে পিকু শইকীয়াক। পিকুৰ পৰাও উদ্ধাৰ হয় ড্ৰাগছ আৰু নিচাযুক্ত টেবলেট। পিকু শইকীয়াই গোলাঘাটৰ বহু যুৱকক ড্ৰাগছ যোগান ধৰি আহিছিল। উল্লেখ্য যে দীৰ্ঘদিন ধৰি আৰক্ষীয়ে নিকু শইকীয়াৰ ওপৰত নজৰ দি আছিল যদিও হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। নিকু শইকীয়া গোলাঘাটৰ ড্ৰাগছ ব্যৱসায়ৰ অন্যতম এজন ব্যৱসায়ী।

লগতে পঢ়ক:ন্যায় পাবনে 21 বছৰে অপেক্ষাৰত দুগৰাকী অসহায় স্বামীহাৰা পত্নীয়ে !

Intro:Body:গোলাঘাটত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছ সৰবৰাহকাৰী দুজন হ'ল পিকু শইকীয়া আৰু নিকু শইকীয়া। গোলাঘাট আৰক্ষীৰ ম'ষ্ট ৱান্টেড নিকু শইকীয়াক গোলাঘাট কমাৰ্চ কলেজৰ সমীপৰ এটা ভাড়াঘৰৰ পৰা ড্ৰাগছ সহ গ্ৰেপ্তাৰ। নিকু শইকীয়া বহু সময় ধৰি গোলাঘাটৰ ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত আছিল। যোৰহাট জিলাৰ তিতাবৰত ঘৰ নিকু শইকীয়াৰ। নিকু শইকীয়াই গোলাঘাট কমাৰ্চ কলেজৰ সমীপৰ ভাড়াঘৰৰ পৰাই এই ব্যৱসায় পৰিচালনা কৰিছিল। কলেজৰ নিচেই সমীপত ছাত্ৰৰ একেলগে ভাড়া লৈ থকা নিকু শইকীয়াইৰ পৰা বহু ছাত্ৰ ড্ৰাগছৰ প্ৰতি আসক্ত হোৱাৰ সন্দেহ। আনহাতে গোলাঘাট বনগাঁওৰ পিকু শইকীয়াই ড্ৰাগছ বিচাৰি নিকু শইকীয়ালৈ ফোন কৰাৰ সময়তেই গোলাঘাট আৰক্ষীয়ে বনগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে পিকু শইকীয়াক। পিকুৰ পৰাও উদ্ধাৰ ড্ৰাগছ আৰু নিচাযুক্ত টেবলেট। পিকু শইকীয়াই গোলাঘাটৰ বহু যুৱকক ড্ৰাগছ যোগান ধৰি আহিছে। বহু সময় ধৰি আৰক্ষীয়ে নিকু শইকীয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। নিকু শইকীয়া গোলাঘাটৰ ড্ৰাগছ ব্যৱসায়ৰ অন্যতম এজন কাণ্ডাৰী।Conclusion:Byte 1: O.C , Golaghat
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.