ETV Bharat / state

গোলাঘাটৰ চিকিৎসালয়ত মদমত্ত আৰক্ষীৰ উদ্ভণ্ডালি

author img

By

Published : Sep 11, 2019, 9:41 AM IST

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিশা ৰোগীক অভব্য আচৰণ আৰক্ষী কনিষ্টবলজনৰ ৷ উপায়হীন হৈ ৰোগী আৰু ৰোগীৰ অভিভাৱকে কনিষ্টবলজনক চমজাই দিয়ে গোলাঘাট সদৰ আৰক্ষী থানাৰ আৰক্ষীক ৷

গোলাঘাটৰ চিকিৎসালয়ত মদমত্ত আৰক্ষীৰ উদ্ভণ্ডালি

গোলাঘাট, 11 চেপ্তেম্বৰঃ গোলাঘাটৰ চিকিৎসালয়ত মংগলবাৰে নিশা মদমত্ত আৰক্ষীৰ উদ্ভণ্ডালি ৷ সুৰাৰ ৰাগীত মাতাল হৈ এজন আৰক্ষী কনিষ্টবলৰ মহিলাক অভব্য আচৰণ ৷ তথ্য মতে, গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিয়োজিত এজন আৰক্ষী কনিষ্টবলে সুৰাৰ ৰাগীত মাতাল হৈ এগৰাকী মহিলা ৰোগীক অভব্য আচৰণ কৰে ৷ কনিষ্টবলজনে ৰোগীৰ অভিভাৱকক তেওঁৰ কোঠাত ভাত ৰান্ধি দিবৰ বাবে দাবী-ধমকি দিয়ে ৷ আনকি অভিভাৱকে ৰান্ধিবলৈ অমান্তি হোৱাত ৰোগী গৰাকী আৰু তেওঁৰ অভিভাৱকক চিকিৎসালয় ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ অন্যথা লাঠিৰে প্ৰহাৰ কৰাৰো ভাবুকি প্ৰদান কৰে সুৰামত্ত কনিষ্টবল গৰাকীয়ে ৷ অৱশেষত ৰোগীৰ অভিভাৱকে কনিষ্টবলজনক গোলাঘাট সদৰ আৰক্ষী থানাত চমজাই দিয়ে ৷

গোলাঘাটৰ চিকিৎসালয়ত মদমত্ত আৰক্ষীৰ উদ্ভণ্ডালি

আৰক্ষীয়ে আটক কৰি নিয়াৰ সময়ত সুৰাৰ ৰাগীত সাংবাদিকৰ কেমেৰাৰ সন্মুখত নৃত্য কৰাৰ লগতে সাংবাদিকক মাৰিবলৈও খেদি যায় মাতাল আৰক্ষীজনে ৷ উল্লেখ্য যে, ৰণ্টু গগৈ বুলি চিনাক্ত কৰা আৰক্ষী কনিষ্টবলজনৰ বিৰুদ্ধে আগতেও ৰেগী আৰু অভিভাৱকক অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

Intro:নিশা গোলাঘাটৰ চিকিৎসালয়ত মদমত্ত আৰক্ষীৰ উদ্ভণ্ডালি । গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিয়োজিত আৰক্ষী কনিষ্টবলৰ উদ্ভণ্ডালি । সুৰাৰ ৰাগীত মাতাল হৈ এজন আৰক্ষী কনিষ্টবলৰ মহিলাক অভব্য আচৰণ ।Body:নিশা গোলাঘাটৰ চিকিৎসালয়ত মদমত্ত আৰক্ষীৰ উদ্ভণ্ডালি। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিয়োজিত আৰক্ষী কনিষ্টবলৰ উদ্ভণ্ডালি। সুৰাৰ ৰাগীত মাতাল হৈ এজন আৰক্ষী কনিষ্টবলৰ মহিলাক অভব্য আচৰণ। ৰোগী আৰু ৰোগীৰ অভিভাৱকে উপায়হীন হৈ চমজাই দিলে গোলাঘাট সদৰ আৰক্ষী থানাৰ আৰক্ষীক । আৰক্ষীয়ে আটক কৰি নিয়া সময়ত সাংবাদিকৰ কেমেৰাৰ সন্মুখত নৃত্য। কেৱল নৃত্যই নহয় VISUAL সংগ্ৰহ কৰি থকা সাংবাদিকক গুৰ মাৰিবলৈ খেদি যায় এই জন মাতাল আৰক্ষী কনিষ্টবলে। উল্লেখ্য গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ ৰোগী আৰু ৰোগীৰ অভিভাকক নিৰাপত্তা প্ৰদান আৰু অসামাজিক কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিবলৈ নিয়োজিত কৰা হৈছে আৰক্ষী। নিশা হলেই এইজন আৰক্ষী কনিষ্টবলে মদ্যপান কৰি অভব্য আচৰণ কৰে ৰোগী আৰু ৰোগীৰ অভিভাকক। মঙ্গলবাৰে নিশা চিকিৎসালয় খনত নিয়োজিত আৰক্ষী কনিষ্টবলজনে ৰোগীৰ মহিলা অভিভাকক তেওঁৰ কোঠাত ভাত ৰান্ধি দিবৰ বাবে অনুৰোধ। মহিলাই এই অনুৰোধ প্ৰত্যাখান কৰাৰ বাবেই সকলোকে চিকিৎসালয় ত্যাগ কৰিবলৈ সকিয়নী। অন্যথা ৰাইডাৰ পাৰ্টি মতাই আনি লাঠিৰে কোবোৱাৰ ভাবুকি। সুৰাৰ ৰাগীত মতলীয়া হৈ মহিলাৰ সন্মুখত হাফ পেণ্ট আৰু গেঞ্জী পিন্ধি নৃত্য কৰা বুলিও অভিযোগ। গোলাঘাটৰ আৰক্ষীয়ে নিশাই আটক কৰা এই আৰক্ষী কনিষ্টবল জনৰ নাম জনৈক ৰণ্টু গগৈ বুলি চিনাক্ত।Conclusion:Byte 1: ৰোগীৰ অভিভাৱক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.