ETV Bharat / state

গোলাঘাটত মৃতদেহ উদ্ধাৰ

author img

By

Published : Jan 23, 2020, 6:20 PM IST

golaghat deadbody recover
গোলাঘাটত উদ্ধাৰ মৃতদেহ!

গোলাঘাটত উদ্ধাৰ হয় এটা মৃতদেহ ৷ বনাঞ্চলৰ মাজত উদ্ধাৰ হোৱা মৃতদেহটোৰ বৰ্তমানলৈ জানিব পৰা হোৱা নাই পৰিচয় ৷ ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক ৷

গোলাঘাট, 23 জানুৱাৰী : বৃহস্পতিবাৰে গোলাঘাট জিলাৰ মুৰফুলনী অঞ্চলত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ ৷ বনাঞ্চলৰ মাজত এজোপা চেগুন গছে হেঁচা মাৰি ধৰি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ৷ স্থানীয় ৰাইজৰ সন্দেহ গছ কাটি থকা অৱস্থাত গছডালে হেঁচা মাৰি ধৰাৰ ফলতেই লোকজনৰ মৃত্যু হয় ৷ বৰ্তমানলৈ লোকজনৰ কোনো পৰিচয় জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ৷

গোলাঘাটত উদ্ধাৰ মৃতদেহ!

অন্য এক খবৰৰ বাবে : হোজাইত গ্ৰেপ্তাৰ ডকাইত!

উল্লেখ্য যে, বনাঞ্চলখনত বহু দিনৰ পৰাই অবৈধ ভাৱে গছ কটাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ স্থানীয় লোকে এই সন্দৰ্ভত বন বিভাগক অৱগত কৰি আহিছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ ৷

Intro:গোলাঘাটৰ মুৰফুলনী অঞ্চলত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ । বিজুলী বনাঞ্চলৰ মাজত এজোপা গছে হেঁচা মাৰি ধৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো । ।

মুৰফুলনী অঞ্চলৰ বিজুলী বনাঞ্চলৰ মাজত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ । বনাঞ্চলৰ মাজত এজোপা চেগুন গছে হেঁচা মাৰি ধৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো । স্থানীয় লোকৰ সন্দেহ গছ জোপা কাটি থকা অৱস্থাত হেঁচা মাৰি ধৰাৰ ফলত মৃত্যু হয় লোক জনৰ । ঘটনাটো দুদিন পূৰ্বে সংঘটিত হোৱা বুলিও সন্দেহ স্থানীয় লোকৰ ইফালে দীর্ঘদিনে বনাঞ্চল খনত অবৈধ ভাৱে একাংশ লোকে গছ কাটি তহিলং কৰাৰ অভিযোগ উঠি আহিছিল । আজিৰ এই ঘটনাই বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাকে পুনৰ এবাৰ উদঙাই দিলে । যাৰ ফলত এজন লোকে প্ৰাণ হেৰুৱাব লগীয়া হল । আনহাতে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ।Body:Byte 1 : বন বিষয়াConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat ,. অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.