ETV Bharat / state

গোলাঘাটত অগপৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ পদত্যাগত হৰ্ষোল্লাস

author img

By

Published : Nov 30, 2020, 9:56 AM IST

গোলাঘাটৰ অগপ কাৰ্যালয়ত আবতৰীয়া দীপাৱলী ৷ অগপৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন শইকীয়াই পদত্যাগ কৰাৰ আনন্দত গোলাঘাটৰ অগপ কাৰ্যালয়ত দলৰ সদস্য সকলে আতচবাজী ফুটাই নিজৰ আনন্দ প্ৰকাশ কৰে ৷ অগপৰ কৰ্মকৰ্তা সকলৰ অভিযোগ পৱন শইকীয়াই অগপৰ ভিতৰ চৰাত বিতৰ্কৰ সূত্ৰপাত চলাই অহাত অগপৰ দলীয় কৰ্মীসকল অসন্তুষ্ট হৈ পৰিছিল ৷

গোলাঘাটত অগপৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ পদত্যাগত হৰ্ষোল্লাস
গোলাঘাটত অগপৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ পদত্যাগত হৰ্ষোল্লাস

গোলাঘাট, 29 নৱেম্বৰ : গোলাঘাটৰ অগপ (অসম গণ পৰিষদ) ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন শইকীয়াই তেওঁৰ লগতে অগপৰ অন্য 18 খন আঞ্চলিক কমিটিয়ে পদত্যাগ কৰাৰ সন্দৰ্ভত কৰা মন্তব্যক মিছা আখ্যা দি কেন্দ্ৰীয় সমিতিৰ সভাপতি গৰাকীয়ে পদত্যাগ কৰাত আতচবাজী ফুটাই আনন্দ উল্লাস কৰে ৷ গোলাঘাটৰ অগপৰ কাৰ্যালয়ত দীপাৱলীৰ দৰে পৰিৱেশ সৃষ্টি কৰি অগপৰ দলীয় কৰ্মীসকলে কয় যে কেন্দ্ৰীয় সভাপতি পৱন শইকীয়াই পদত্যাগ কৰাৰ বাবে খুমটাইবাসী ৰাইজৰ লগতে সকলোৱে আনন্দিত হৈছে ৷

উল্লেখ্য যে অগপৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন শইকীয়াই সংবাদ মাধ্যমৰ সন্মুখত খুমটাই সমষ্টিৰ 18 খন আঞ্চলিক সমিতিয়ে অগপৰ পৰা সামূহিকভাৱে পদত্যাগ কৰা বুলি এক মন্তব্য কৰিছিল ৷ শইকীয়াৰ এই মন্তব্যক মিছা আখ্যা দি অগপৰ দলীয় কৰ্মী সকলে অভিযোগ কৰি কয় যে দৰাচলতে পৱন শইকীয়াৰ সৈতে মুষ্টিমেয় কেইগৰাকীমান লোকেহে অগপৰ পৰা পদত্যাগ কৰিছে ৷

শইকীয়াৰ বিৰুদ্ধে দলৰ ভিতৰতে বিতৰ্কৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ দলীয় কৰ্মীৰ

লগতে পঢ়ক: খুমটাই সমষ্টিত নিচিহ্ন হোৱাৰ দিশে অগপ

পৱন শইকীয়াৰ এই পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰি অগপৰ কৰ্মীসকলে কয় যে তেওঁ দলৰ পৰা আঁতৰি যোৱাত দলৰ কোনো ক্ষতি নহয় বৰঞ্চ লাভহে হ'ব ৷ দলৰ কাম কাজ সম্পূৰ্ণ নিয়াৰিকৈ চলি আছে বুলি দাবী কৰি গোলাঘাটৰ অগপ কৰ্মী সকলে পৱন শইকীয়াইহে দলৰ ভিতৰচৰাত বিতৰ্কৰ সূত্ৰপাত ঘটাবৰ বাবে প্ৰচেষ্টা চলাই আহিছে বুলি অভিযোগ কৰে ৷

লগতে পঢ়ক: আজি বাৰাণসীলৈ যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.