ETV Bharat / state

খুমটাই সমষ্টিত নিচিহ্ন হোৱাৰ দিশে অগপ

author img

By

Published : Nov 30, 2020, 8:49 AM IST

খুমটাই সমষ্টিত ক্ৰমাৎ নিচিহ্ন হোৱাৰ দিশে অসম গণ পৰিষদ ৷ অগপৰ দূৰ্গ হিচাপে খ্যাত সমষ্টিটোতেই নিচিহ্ন হোৱাৰ দিশে আগবাঢ়িছে দলটো ৷ 21 ৰ নিৰ্বাচনত অগপৰ দখলত থকা সমষ্টিটোক বিজেপিক এৰি দিব খোজা কাৰ্যত অগপৰ আঞ্চলিক সমিতি সমূহে অসন্তুষ্টি ব্যক্ত কৰিছে ৷

খুমটাই সমষ্টিত নিচিহ্ন হোৱাৰ দিশে অগপ
খুমটাই সমষ্টিত নিচিহ্ন হোৱাৰ দিশে অগপ

গোলাঘাট, 30 নৱেম্বৰ : কেন্দ্ৰীয় নেতৃত্বৰ গেৰুৱা প্ৰীতিত ক্ষোভিত হৈ অগপ (অসম গণ পৰিষদ) ৰ পৰা সামূহিক ভাৱে পদত্যাগ খুমটাই সমষ্টিৰ 18 খনকৈ আঞ্চলিক সমিতিৰ ৷ ফলত অগপৰ দূৰ্গ হিচাপে খ্যাত সমষ্টিটোতেই ক্ৰমাৎ নিচিহ্ন হোৱাৰ দিশে আগবাঢ়িছে দলটো ৷ অগপৰ পৰা সামূহিক পদত্যাগৰ কথা সদৰী কৰি অগপ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন শইকীয়াই কয় যে, সমষ্টিৰ অগপ কৰ্মী সকলৰ সৈতে হোৱা এক আলোচনাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ গেৰুৱা প্ৰেম-প্ৰীতিয়েই এই সিদ্ধান্তৰ মূল কাৰণ বুলি শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

শইকীয়াই কয় যে গেৰুৱা প্ৰীতিৰ বাবে কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত দলীয় কৰ্মীসকল দীৰ্ঘদিনৰ পৰা ক্ষোভিত হৈ আহিছে ৷ সেয়ে কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিয়েই খুমটাই সমষ্টিৰ অগপ কৰ্মী সকলে পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ শইকীয়াই অভিযোগ কৰে যে খুমটাই বিধানসভা সমষ্টি সদায়েই অগপৰ দখলত আছে কিন্তু এইবাৰ খুমটাই বিধানসভা সমষ্টিত অগপই বিজেপি প্ৰাৰ্থীৰ বাবে সমষ্টি এৰি দিব খুজিছে ৷ শইকীয়াই কয় যে দলৰ কেন্দ্ৰীয় নেতৃত্বৰ এনে সিদ্ধান্তৰ ফলতেই সমষ্টিটোৰ অগপ কৰ্মী সকলে পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

অগপ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন শইকীয়াই পদত্যাগৰ সিদ্ধান্তৰ কথা সদৰী কৰে

উল্লেখ্য যে 2021 ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ প্ৰাৰ্থী আৰু সমষ্টিক লৈ ব্যস্ত হৈ পৰাৰ মাজতে বিজেপি - অগপৰ মিত্ৰজোঁটত প্ৰাৰ্থীত্ব প্ৰদানক লৈ দুই দলৰ কৰ্মী সকলৰ মাজত অসন্তুষ্টি পৰিলক্ষিত হৈছে ৷ 21 ৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত উঠাৰ সময়তে বিজেপিয়ে অগপৰ দখলত থকা বহুকেইটা সমষ্টিত এইবাৰ বিজেপিৰ প্ৰাৰ্থী থিয় কৰাব বিচৰা কাৰ্যত অগপ দলৰ কৰ্মী সকলৰ মাজত তীব্ৰ অসন্তুষ্টি বিৰাজ কৰিছে ৷ ইতিমধ্যে অগপৰ পবিন্দ্ৰ ডেকাৰ দখলত থকা পাটাছাৰকুচি সমষ্টিৰ লগতে ৰেণুপমা ৰাজখোৱাৰ দখলত থকা টীয়ক সমষ্টিত এইবাৰ বিজেপিয়ে নিজৰ প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ কথা চলি থকাৰ মাজতে পুনৰ অগপৰ দূৰ্গ সদৃশ খুমটাই সমষ্টিক বিজেপিলৈ আগবঢ়াই দিব খোজা কাৰ্যত খুমটাই সমষ্টিৰ অগপ দলৰ সদস্য সকল ক্ষোভিত হৈ পৰিছে ৷ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এতিয়া অগপই মিত্ৰজোঁট নে দলীয় কৰ্মীক প্ৰাধান্য দিয়ে সেইয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক:অসমলৈ অনা হ’ল JEE কাণ্ডৰ ভাড়াতীয়া পৰীক্ষাৰ্থী প্রদীপ কুমাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.