ETV Bharat / state

চুঙাজানত ড্ৰাগছ ব্যৱসায়ী নিৰুদ্দেশ

author img

By

Published : Jun 28, 2019, 3:44 PM IST

ড্ৰাগছ ব্যৱসায়ী নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে চুঙাজান অঞ্চলত

মাতৃয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চুঙাজান আৰক্ষী থানাত তেওঁৰ পুত্ৰ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ কথা অৱগত কৰাৰ লগতে তেওঁ নিৰুদ্দেশ হোৱাৰ কথা লিখিত ভাৱে অৱগত কৰিছিল ৷ কিন্তু বিষয়টোৰ সন্দৰ্ভত নীৰৱ ভূমিকা পালন কৰিছে চুঙাজান আৰক্ষীয়ে ৷

সৰুপথাৰ,28 জুন: ড্ৰাগছ ব্যৱসায়ী নিৰুদ্দেশ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য ৷ সৰুপথাৰৰ ধনশিৰি মহকুমাৰ চুঙাজানৰ নৱবন্তি গাওঁৰ ড্ৰাগছ ব্যৱসায়ী ভবেন হাজৰিকা প্ৰায় ডেৰ মাহ ধৰি নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে অঞ্চলটোত ৷ মাতৃয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চুঙাজান আৰক্ষী থানাত তেওঁ পুত্ৰ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ কথা অৱগত কৰাৰ লগতে তেওঁ নিৰুদ্দেশ হোৱাৰ কথা লিখিত ভাৱে অৱগত কৰিছিল ৷ কিন্তু বিষয়টোৰ সন্দৰ্ভত নীৰৱ ভূমিকা পালন কৰিছে চুঙাজান আৰক্ষীয়ে ৷ চুঙাজানৰ ড্ৰাগছ ব্যৱসায়ী জনক আৰক্ষীয়ে বিচাৰি উলিয়ালে ধনশিৰি মহকুমাত সক্ৰিয় হৈ থকা বহু ড্ৰাগছ ব্যৱসায়ী আৰক্ষীৰ জালত পৰিব বুলি সন্দেহ প্ৰকাশ কৰিছে ড্ৰাগছ ব্যৱসায়ীজনৰ মাতৃয়ে ৷ ভবেন হাজৰিকাৰ পত্নীৰ পুলিচ প্ৰশাসনলৈ এটাই অনুৰোধ যাতে,তেওঁৰ স্বামীক এই ড্ৰাগছ ব্যৱসায়ৰ পৰা মুক্ত কৰি আনি দিয়ে ৷ মাতৃয়ে প্ৰকাশ কৰা মতে,তেওঁ পুত্ৰই বহুদিনৰ পৰা এই ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ ৰমৰমীয়া ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল চুঙাজান অঞ্চলত ৷ সমীপৱৰ্তী নগালেণ্ডৰ ডিমাপুৰৰ পৰা ড্ৰাগছৰ এই ৰমৰমীয়া বেহা চলাই আহিছিল ভবেনে ৷

ড্ৰাগছ ব্যৱসায়ী নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে চুঙাজান অঞ্চলত
Intro:ধনশিৰি মহকুমাৰ চুঙাজানৰ নৱবন্তি গাওঁৰ ড্ৰাগছ ব্যৱসায়ী ভবেন হাজৰিকা আজিৰ পৰা প্ৰায় ডেৰ মাহ ধৰি নিৰুদ্দেশ হোৱাৰ ঘটনাই তিব্ৰ চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলটোত৷Body:মাতৃয়ে প্ৰকাশ কৰামতে তেওঁ পুত্ৰই বহুদিনৰ পৰা এটা ড্ৰাগছ ব্যৱসায় লগত জড়িত হৈ চুঙাজানত ৰমৰমীয়া ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল ৷ সমীপৰ নগালেণ্ডৰ ডিমাপুৰৰ পৰা ড্ৰাগছৰ এই ৰমৰমীয়া বেহা চলাই আছিল ভবেনে ৷ আজিৰ পৰা প্ৰায় ১ মাহৰ আগতে মাতৃয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চুঙাজান আৰক্ষী থানাত তেওঁ পুত্ৰ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ কথা অৱগত কৰাৰ লগতে তেওঁ নিৰুদেশ হোৱাৰ এখন জাননী দিছিল ৷ চুঙাজান আৰক্ষীয়ে কিন্তু বিষয়টোত নীৰৱ ভূমিকা পালন কৰিলে | চুঙাজানৰ এই ড্ৰাগছ ব্যৱসায়ী জনক আৰক্ষীয়ে বিচাৰি উলিয়ালে ধনশিৰি মহকুমাৰত সক্ৰিয় হৈ থকা বহু ড্ৰাগছ ব্যৱসায়ী আৰক্ষীৰ জালত পৰিব বুলি ড্ৰাগছ ব্যৱসায়ী জনৰ মাতৃয়ে সন্দেহ প্ৰকাশ কৰিছে৷ ভবেন হাজৰিকাৰ পত্নীৰ পুলিচ প্ৰশাসনলৈ এটাই অনুৰোধ যাতে তেওঁৰ স্বামীক এই ড্ৰাগছ ব্যৱসায়টোৰ পৰা মুক্ত কৰি আনি দিয়ে Conclusion:Byte- মাতৃ

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.