ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত অৱস্থাত উদ্ধাৰ ঢেঁকীয়াপতীয়া !

author img

By

Published : May 11, 2020, 10:08 AM IST

Updated : May 11, 2020, 10:45 AM IST

খৰ্গবিহীন গঁড়ৰ পিচতে এইবাৰ ঢেঁকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত । পৰস্পৰৰ স'তে লগা যুঁজ বাঘটোৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে কাজিৰঙাৰ সঞ্চালক পি. শিৱকুমাৰে ।

deadbody recovered of a bengal tiger in bagori range of kaziranga national park
deadbody recovered of a bengal tiger in bagori range of kaziranga national park

বোকাখাত, 11 মে': কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত খৰ্গবিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ হোৱাৰ উত্তেজনা মাৰ নৌযাওঁতেই দেওবাৰে পুনৰ উদ্যানখনত উদ্ধাৰ হৈছে, ঢেঁকীয়াপতীয়া প্ৰজাতিৰ এজনী বাঘিনীৰ মৃতদেহ । ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ ভলুকাজান বিলৰ পাৰত উদ্ধাৰ হৈছে বাঘিনীজনীৰ মৃতদেহ ।

বাগৰি বনাঞ্চলত উদ্ধাৰ বাঘৰ মৃতদেহ

কাজিৰঙাৰ সঞ্চালক পি. শিৱকুমাৰে জনোৱা অনুসৰি, পৰস্পৰৰ স'তে লগা যুঁজত মৃত্যু হয় বাঘিনীজনীৰ । উল্লেখ্য যে, কৰ্তব্যৰত বনকৰ্মীয়ে মৃত বাঘিনীজনীৰ মৃতদেহ প্ৰত্যক্ষ কৰি বনবিভাগৰ ঊৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰে । ইয়াৰ পাচতে কাজিৰঙাৰ পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পশু চিকিৎসক প্ৰাণজিৎ বসুমতাৰীয়ে মৃত বাঘৰ মৰণোত্তৰ পৰীক্ষা কৰি দাহ কৰে ।

লগতে পঢ়কঃ প্ৰকৃতিপ্ৰেমৰ চানেকি দেখুওৱা যুৱকজন...

Last Updated :May 11, 2020, 10:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.