ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিৰ অনুদান

author img

By

Published : May 27, 2021, 9:08 PM IST

cm relief fund
আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিৰ অনুদান

ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৫০ হাজাৰ টকাৰ অনুদান আগবঢ়াইছে ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিয়ে ।

গোলাঘাট,২৭ মে': মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰিৰ জনাই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৫০ হাজাৰ টকাৰ অনুদান আগবঢ়াইছে ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিয়ে ।

পৰিচালনা সমিতিৰ বিষয়ববীয়াই এই ধনৰাশিৰ চেক বুধবাৰে গোলাঘাটৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙৰ হাতত প্ৰদান কৰে । এই ধনৰাশিয়ে ক'ভিডৰ যুদ্ধত সহায়ক হোৱাৰ লগতে ভেকচিনেশ্যন প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিব বুলি আশা কৰে আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিয়ে ।

আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিৰ অনুদান

২০২০ ৰ ক'ভিডৰ প্রথমটো ঢৌত ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ এক লাখ টকাৰ অনুদান আগবঢ়াইছিল । আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ চেক প্ৰদান কৰাৰ লগতে নৱনিযুক্ত গোলাঘাটৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙক গামোচা, চেলেঙেৰে সম্বৰ্ধনা জনাই । লগতে আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিৰ উপদেষ্টা প্ৰাক্তন শিক্ষক লিলা বৰাইও মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ চাৰি হাজাৰ টকাৰ চেক প্ৰদান কৰে ।

লগতে পঢ়ক: বকোৰ জৱেপাৰাত জোঁৱায়েকৰ হাতত প্ৰাণ হেৰুৱালে শাহুৱেকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.