ETV Bharat / state

অন্ধ্ৰপ্ৰদেশত নৃশংস হত্যাকাণ্ড, হত্যাকাৰীয়ে কাটি নিলে অসমৰ যুৱকৰ দেহৰ অংগ

author img

By

Published : Sep 8, 2022, 12:40 PM IST

Updated : Sep 8, 2022, 1:40 PM IST

অন্ধ্ৰপ্ৰদেশত অসমীয়া যুৱকক নৃশংসভাৱে হত্যা কৰা হৈছে (Assam boy murdered in Andhra Pradesh)। দেহৰ বিভিন্ন অংগ যেনে বৃক্ক, চকু, কাণ, নাক আদি কাটি লৈ গ'ল হত্যাকাৰীয়ে । অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে ৰুজু নকৰিলে গোচৰ । অসম আৰক্ষীয়েও যুৱকজনৰ পৰিয়ালৰ পৰা এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ ।

Bokakhat boy dead at U.P.
Bokakhat boy dead at U.P.

বোকাখাত,৮ ছেপ্টেম্বৰ : পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকক হত্যা । এইবাৰ স্থান অন্ধ্ৰপ্ৰদেশ । কাজিৰঙাৰ দিপুল কলিতা নামৰ যুৱকজনক অন্ধ্ৰপ্ৰদেশত নৃশংসভাৱে হত্যা কৰে কোনো দুৰ্বৃত্তই । কেৱল হত্যা কৰাই নহয় যুৱকজনৰ বিভিন্ন অংগও কাটি লৈ যায় দুৰ্বৃত্তই (Assam youth body organ chopped off by killers)। এই নৃশংস কাণ্ডক লৈ সমগ্ৰ ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ।

উল্লেখ্য যে মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনৰ গেলেকি মিকিৰ গাঁৱৰ নিৰেন কলিতা আৰু কুঞ্জ কলিতাৰ পুত্ৰ দিপুল কলিতা । ২৭ বছৰীয়া দিপুল কলিতা আৰু স্থানীয় চাৰিজন যুৱকে যোৱা ১০ আগষ্টত অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰালৈ কোম্পানীত কাম বিচাৰি ওলাই গৈছিল । বিজয়ৱাৰাত ৰে'লেৰে উপস্থিত হোৱাৰ পাছতেই লগৰ চাৰিজন যুৱক হঠাৎ নিৰুদ্দেশ হৈ পৰে । আনহাতে বিজয়ৱাৰাত অকলশৰীয়া হৈ পৰা দিপুল কলিতাও কেইঘণ্টামানৰ পাছতে সন্ধানহীন হয় ।

পৰিয়ালৰ লোকে বহুবাৰ ফোন কৰিও দিপুলৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ সক্ষম নহ'ল । ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱাৰ ১৪ দিনৰ অন্তত যোৱা ২৪ আগষ্টত বিজয়ৱাৰাৰ পৰা কিছু নিলগত দিপুল কলিতাৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ কৰা হয় (Assam youth Half decomposed body found in AP)। ইফালে অৰ্ধগলিত মৃতদেহটো পৰীক্ষাৰ পাছতে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । হত্যাকাৰীয়ে নৃশংসভাৱে দিপুল কলিতাৰ বৃক্ক, চকু, নাক, কাণ আদি কাটি লৈ গৈছিল ।

এই খবৰ পোৱাৰ পাছতে দিপুলৰ পৰিয়ালৰ লোক বিজয়ৱাৰাত উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰে আৰু এই নৃশংস হত্যাকাণ্ডত কোনো মানৱ দেহৰ অংগৰ চোৰাং ব্যৱসায়ী জড়িত থকাৰ সন্দেহ কৰে । ইফালে বিজয়ৱাৰাত কোনো এক স্থানত দিপুলক খুঁটাত ৰছীৰে বান্ধি অত্যাচাৰ চলাই থকাৰো এখন ফটো লাভ কৰিছে পৰিয়ালৰ লোকে ।

দিপুল কলিতাৰ পৰিয়াল

কিন্তু আচৰিত কথাটো হ'ল যে ইমানবোৰ তথ্য প্ৰমাণ থকাৰ পাছতো বিজয়ৱাৰাত কোনো এখন স্থানীয় থানাই গোচৰটো ৰুজু নকৰিলে । অৱশেষত মৃতদেহটো তাতেই সৎকাৰ কৰি হতাশাগ্ৰস্ত পৰিয়ালটো অসমলৈ উভতি আহে । ইফালে এই নৃশংস হত্যাকাণ্ডত দিপুলৰ সৈতে যোৱা স্থানীয় যুৱক ক্ৰমে হেমন্ত নাথ, বিতোপন বৰা আৰু কুশল বৰা জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ।

কিন্তু কাজিৰঙাৰ কঁহৰা আৰক্ষী চকী আৰু বোকাখাত আৰক্ষী থানাই দুৰ্ভগীয়া পৰিয়ালটোৰ পৰা গোচৰ ৰুজু কৰাটো দূৰৰে কথা তেওঁলোকৰ অভিযোগ শুনিবলৈও নিবিচাৰে বুলি পৰিয়ালটোৱে অভিযোগ কৰিছে । ইয়াৰ বিপৰীতে দিপুলৰ পৰিয়ালক আচৰিত উপায় হে দিছে বোকাখাত আৰক্ষী থানাৰ এগৰাকী সহকাৰী আৰক্ষী উপ-পৰিদৰ্শকে । অন্ধ্ৰপ্ৰদেশৰ পৰা অসমলৈ অহা-যোৱা কৰা মাছ কঢ়িওৱা ট্ৰাকৰ চালকৰ পৰা হে দিপুলৰ হত্যাকাৰীৰ সম্ভেদ উলিয়াবলৈ আৰক্ষী বিষয়াগৰাকীয়ে কয় ।

বোকাখাত আৰক্ষীৰ এনে আজৱ কাণ্ডত হতভম্ব হৈ পৰিছে দিপুলৰ গাঁৱৰ ৰাইজ । সমগ্ৰ অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । হতাশা আৰু ক্ষোভৰ মাজতে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে নিজৰ পুত্ৰৰ ফটো বুকুত বান্ধি চকুলো টুকিছে আৰু ন্যায়ৰ বাবে বাট চাইছে । অন্ধ্ৰপ্ৰদেশ আৰু অসমৰ আৰক্ষীৰ কোনো সহযোগিতা নাপায় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক অতুল বৰাক উক্ত ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিবলৈ দিপুলৰ পৰিয়ালে আহ্বান জনায় ।

লগতে পঢ়ক :পোহৰলৈ আহিছে নগাঁও চিভিলৰ শিশু বিক্ৰীৰ ভয়ংকৰ তথ্য

Last Updated : Sep 8, 2022, 1:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.