ETV Bharat / state

আশ্ৰয় বিচাৰি হাহাকাৰ কাজিৰঙাৰ বন্যপ্ৰাণী

author img

By

Published : Jul 2, 2020, 3:23 PM IST

80 percent of area under flood in kaziranga national park
80 percent of area under flood in kaziranga national park

পথৰ দাঁতি কিম্বা ওচৰ-পাজৰৰ অঞ্চল এতিয়া মুক্ত বিচৰণস্থলী হৈ পৰিছে কাজিৰঙাৰ একাংশ বন্যপ্ৰাণীৰ বাবে ৷ সম্প্ৰতি এই বন্যপ্ৰাণী সমূহৰ ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানখনৰ মাজেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত জাৰি কৰা হৈছে যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছুমান নীতি-নিয়ম ৷

গোলাঘাট, 2 জুলাইঃ বানে বুৰাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় 80 শতাংশ অঞ্চল ৷ বিপদত ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণী সমূহ ৷ খাদ্যৰ নাটনি, আশ্ৰয়স্থলৰ অভাৱে সংকট কঢ়িয়াই আনিছে নীৰিহ জীৱসমূহলৈ ৷ যাৰ বাবে সম্প্ৰতি উদ্যানখনৰ মাজেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ হৈ পৰিছে হৰিণা, বন গাহৰি আদিৰ বিচৰণ ভূমি ৷

আশ্ৰয়ৰ সংকটত কাজিৰঙাৰ বন্যপ্ৰাণী

নিশা হ'লেই পথৰ দাঁতিত মুক্ত বিচৰণ চলে জীৱ সমূহৰ ৷ যাৰ বাবে এতিয়া 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাহন চলাচলৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে কেতবোৰ নীতি নিৰ্দেশনা ৷ প্ৰতি 74 মিনিটত 49 কি:মি: বেগত বাহন চলালচৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে ঘাইপথটোত ৷ যদিহে কোনো লোকে এই নিয়ম উলংঘা কৰে তেন্তে তেওঁলোকে ভৰিব লগা হ'ব পাৰে 5 হাজাৰ টকা পৰ্যন্ত জৰিমণা ৷ উল্লেখ্য যে, বিশ্ব ঐতিহ্যক্ষেত্ৰখনৰ অন্তৰ্গত বাগৰি বনাঞ্চলৰ অন্তৰ্গত ৩১ টাকৈ বন শিবিৰ এতিয়াও পানীৰ তলত ৷ কাজিৰঙাৰ পৰা ওলাই অহা বন্যপ্ৰাণী দাঁতিকাষৰীয়া গাঁৱত প্ৰৱেশ কৰিছে আৰু একাংশ প্ৰাণী দ খাৱৈত সোমাই পৰাৰ লগতে, কোনো কোনো স্থানত পানীৰ মাজত আবদ্ধ হৈ থকা বন্যপ্ৰাণী এতিয়া উদ্ধাৰ কৰি নিৰাপদ স্থানত মুকলি কৰি দিছে একাংশ প্ৰকৃতিপ্ৰেমীয়ে তথা গাঁওবাসীয়ে ৷

বন্যপ্ৰাণী এতিয়া উদ্ধাৰ কৰি নিৰাপদ স্থানত মুকলি কৰি দিছে একাংশ প্ৰকৃতিপ্ৰেমীয়ে
বন্যপ্ৰাণী এতিয়া উদ্ধাৰ কৰি নিৰাপদ স্থানত মুকলি কৰি দিছে একাংশ প্ৰকৃতিপ্ৰেমীয়ে

লগতে পঢ়কঃ উন্নয়নৰ প্ৰকৃত ছবি: মিছামাৰীত ৭৫ হাজাৰ টকীয়া বাঁহৰ দলং উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.