ETV Bharat / state

উন্নয়নৰ প্ৰকৃত ছবি: মিছামাৰীত ৭৫ হাজাৰ টকীয়া বাঁহৰ দলং উদ্বোধন

author img

By

Published : Jul 2, 2020, 1:04 PM IST

তেজপুৰৰ মিছামাৰীৰ বেলশিৰি গাঁৱৰ ৰাইজৰ তৎপৰতাত মুকলি কৰা হৈছে 75 হাজাৰটকীয়া এখন বাঁহৰ দলং ৷ জন প্ৰতিনিধিৰ অৱহেলাৰ বাবে দলঙখন নিৰ্মাণ কৰিবলৈ বাধ্য হয় স্থানীয় ৰাইজে ৷ অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্য়া সমাধানৰ বাবে জন প্ৰতিনিধিয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ৷

A true picture of development assam bamboo bridge innuguration in misamari sonitpur assam etv bharat news
বাঁহৰ দলং উদ্বোধন

ৰঙাপৰা,2 জুলাই: জন প্ৰতিনিধি থকা স্বত্বেও ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰে এখন বাঁহৰ দলং ৷ ৰাইজে নখ জোকাৰিলে নৈ বয় বোলা কথাষাৰ পুনৰবাৰ প্ৰতিপন্ন কৰে মিছামাৰীৰ ননকে বেলশিৰি গাঁৱৰ ৰাইজে । বিগত প্ৰায় তিনি মাহে ৰাইজৰ শ্ৰমদানেৰে গাঁৱবাসীয়ে বেলশিৰি নদীৰ ৰেল দলঙৰ সমীপত মাংগলিক অনুষ্ঠানৰ মাজেৰে উদ্বোধন কৰে দলঙখন ৷ প্ৰায় 75 হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা বাঁহৰ দলঙখন মুকলি কৰে সমাজসেৱক শৈলেন্দ্ৰ নাৰ্জাৰীয়ে ৷

বাঁহৰ দলং উদ্বোধন

দেশৰ স্বাধীনতা লাভৰ প্ৰায় 73 বছৰ অতিক্ৰমৰ পিছতো ৰাইজৰ যাতায়াতৰ উপযোগীকৈ বেলশিৰি নদীৰ ওপৰত এখনো পকী দলং নিৰ্মাণ নোহোৱাত প্ৰায় বিশখনৰো অধিক গাঁৱৰ ৰাইজে ভোগ কৰি আহিছিল যমৰ যাতনা ৷ ধনখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অজিত তালুকদাৰ, সমাজকৰ্মী ভিক্টৰ নাৰ্জাৰী আৰু শিৱ কিষাণৰ নেতৃত্বত নিৰ্মাণ হোৱা দলঙখনৰ জৰিয়তে ৰাইজে যাতায়াতৰ ক্ষেত্ৰত বহুগুণে উপকৃত হ’ব ৷ উক্ত বাঁহৰ দলঙৰ সমীপত ৰে’লৱে বিভাগৰ এখন লোহাৰ দলং আছে । ৰঙিয়া-ৰঙাপৰা সংযোগী ব্ৰডগজ ৰে’লপথৰ দলঙখনেৰে ৰাইজে দীৰ্ঘদিনে যাতায়াত কৰাত অসাৱধানবশতঃ ৰে’লৰ খুন্দাত এতিয়ালৈকে প্ৰায় ১৫ জন লোকৰ মৃত্যু ঘটিছে । কিন্তু অঞ্চলবাসীৰ এটা দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত জন প্ৰতিনিধিসকলে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে চাওকঃ চিৰাঙত আই নদীৰ গৰাখহনীয়াৰ ভয়াৱহ ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.