ETV Bharat / state

Dergaon Amazing Football Player : 12 বছৰীয়া ডনজ্যোতিৰ দুভৰিত ফুটবলৰ যাদু

author img

By

Published : Jan 23, 2023, 7:01 PM IST

এটি 12 বছৰীয়া কিশোৰক ফুটবলে দেখুৱাইছে সপোন ৷ সেই সপোনৰ পম খেদি কৰিছে অহোপুৰুষাৰ্থ ৷ পুত্ৰক এজন ভাল ফুটবল খেলুৱৈ হিচাবে গঢ়ি তোলাৰ বাবে পিতৃয়েও কৰিছে পাৰ্যমানে কষ্ট ৷ দেৰগাঁৱৰ ডনজ্যোতি একাত্ম হৈ পৰিছে ফুটবলৰ লগত (Dergaon Amazing Football Player)৷

Dergaon Amazing Football Player
ডনজ্যোতিৰ দুভৰিত ফুটবলৰ যাদু

গোলাঘাট, 23 জানুৱাৰী : ‘‘পঢ়াৰ বাবে ফুটবলৰ অনুশীলন বন্ধ হ’ব নোৱাৰিব ৷ ফুটবলৰ বাবে পঢ়া-শুনাৰ ক্ষতি হ’লে হওক’’- এই মন্তব্য অসমৰে এজন সম্ভাৱনাময় 12 বছৰীয়া ফুটবল খেলুৱৈৰ পিতৃৰ ৷ ফুটবলৰ প্ৰতি অন্ত্যন্ত ৰাপ থকা পিতৃয়ে পুত্ৰক আগবঢ়াই দিছে ফুটবল জগতলৈ ৷ তাৰ বাবে কৰিছে সম্ভৱপৰ সকলোখিনি কষ্ট ৷

দুভৰিৰ যাদুৰে এদিন পৃথিৱী কঁপাব ৷ সেই সপোন আগত লৈ সীমাহীন কষ্ট কৰিছে দেৰগাঁৱৰ এটি প্ৰৱল আত্মবিশ্বাসী কিশোৰে ৷ সেই আত্মবিশ্বাস আৰু কষ্ট আশাৰ কিৰণ হৈ চিটিকি পৰিছে ফুলবলপ্ৰেমী পিতৃৰ চকুত ৷ দেৰগাঁৱৰ মিছামৰা গাঁৱৰ ডনজ্যোতিৰ এতিয়া বয়স 12 বছৰ ৷ এই 12 টা বছৰতে ডনজ্যোতিয়ে(Donjyoti Dutta Dergaon) সপোন দেখিছে এদিন ইণ্ডিয়ান ছুপাৰ লীগত(Indian Super League) খেলাৰ ৷ মন কৰিছে অসমৰ পৰা এঝন ভাল খেলুৱৈ হিচাবে ওলাই গৈ মাতৃভূমিক গৌৰৱান্বিত কৰাৰ ৷

বৰ্তমান ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ডনজ্যোতি দত্তই ফুটবলৰ প্ৰতি আকৰ্ষিত হৈছিল প্ৰথম শ্ৰেণীতেই ৷ তেতিয়াৰে পৰা ফুটবলটোক লৈ সপোন দেখিবলৈ লৈছিল ডনজ্যোতিয়ে ৷ গোলাঘাটৰ বহু অঞ্চলৰ লোকে এই পৰ্যন্ত ডনজ্যোতিৰ দুভৰিৰ যাদু উপভোগ কৰিবলৈ সক্ষম হৈছে (Assamese football player)৷ বৰ্তমান গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ(Debraj Roy College) খেলপথাৰত দৰ্শন বুঢ়াগোহাঁইৰ তত্বাৱধানত ফুটবল প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ডনজ্যোতি দত্তই ৷

উল্লেখ্য যে, ডনজ্যোতিৰ পিতৃ মাখন দত্ত এজন ফুটবলৰ অনুৰাগী ৷ সেইবাবেই 2017 চনৰ 17 জানুৱাৰীত ফুটবল খেললৈ পুত্ৰক আগবঢ়াই দিছিল মাখন দত্তই ৷ বিদ্যায়তনিক শিক্ষাতকৈ আনুসংগিক পাঠ্যক্ৰমক অগ্ৰাধিকাৰ দিয়া পিতৃয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য ৷ তেওঁ কয়- ‘‘ সাধাৰণতে পঢ়াৰ বাবেই আমি ফুটবল অথবা এনেধৰণৰ দিশবোৰৰ পৰা সন্তানক আঁতৰাই ৰাখো ৷ কিন্তু মোৰ ধাৰণা কিছু সুকীয়া ৷ মই পঢ়াৰ বাবে ফুটবলৰ অনুশীলন বন্ধ হ’বলৈ নিদিও ৷ খেলৰ বাবে পঢ়াৰ ক্ষতি হ’লেও হওক ৷ টকা অথবা সন্মানৰ বাবে সোমৰ সন্তানক ফুটবলৰ দিশত আগবঢ়াই দিয়া নাই ৷ ফুটবলৰ প্ৰতি মোৰ যথেষ্ট ৰাপ আছে ৷ মই আশাকৰোঁ যে মোৰ সন্তান এজন ভাল ফুটবল খেলুৱৈ হৈ দৰ্শকক আমোদ দিয়ক’’৷

এজন পিতৃৰ এই মন্তব্য স্বাভাৱিকতেই গুৰুত্বপূৰ্ণ ৷ উল্লেখ্য যে, ফুটবল খেলি ভালপোৱা ডনজ্যোতিয়ে ফুটবলটোক লৈ দেখুৱাব পাৰে ইটোৰ পাছত সিটো আকৰ্ষণীয় খেল ৷ পিঠি আৰু ডিঙিৰ মাজভাগত বলটো নপৰাকৈ ৰাখি জাৰ্চি খুলি সকলোকে চমকিত কৰিছে ডনজ্যোতিয়ে (Dergaon Kid football Player)৷

নিম্নতম সুবিধাৰে মাজত থকা ডনজ্যোতিয়ে ইউটিউব চাই শিকিছে ফুটবলৰ বিভিন্ন কৌশল (Football course in Youtube)৷ বৰ্তমান ঘৰৰ চোতালত ফুটবলৰ অনুশীলনত ব্যস্ত ডনজ্যোতি ৷ ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কনমানিটোৱে দেখুওৱা ফুটবলৰ যাদু ৷ এজন নিপুন ফুটবল খেলুৱৈ হিচাবে বিভিন্ন জিলাত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জিলিকি উঠিছে ডনজ্যোতি ৷

লগতে পঢ়ক: Viral Video: এগৰাকী বৃদ্ধ নাৱৰীয়াৰ অসাধাৰণ প্ৰতিভাই খলকনি লগাইছে চ’ছিয়েল মিডিয়াত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.