ETV Bharat / state

বোকাখাতত দুৰ্ঘটনাত পতিত ট্ৰাক; 11 টা গো-ধনৰ মৃত্যু

author img

By

Published : Apr 12, 2022, 10:11 PM IST

11 smuggled cows died in road accident
আৰক্ষীৰ নাকৰ তলেৰে গো-সৰবৰাহ: পথ দুৰ্ঘটনাত মৃত্যু ১১টা চোৰাং গৰু

গো-সুৰক্ষাৰ বাবে ৰাজ্যত বলৱৎ কৰা হৈছে গো-সুৰক্ষা আইন (Cow preservation act)। কিন্তু সৰবৰাহকাৰীয়ে যেন কেৰেপেই নকৰে এই আইনক । আৰক্ষীৰ চকুত ধুলি দি নিৰ্বিঘ্নে চলাই গৈছে অবৈধ গো-সৰবৰাহ ।

বোকাখাত, ১২ এপ্ৰিল: ৰাজ্যত একাংশ অসাধু চক্ৰই বৰ্তমানেও আৰক্ষীৰ চকুত ধুলি দি অবৈধভাৱে চলাই আছে গৰুৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam) । দেওবাৰে নিশা বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গৰু পৰিবাহী এখন ট্ৰাক আৰু এখন টাটা টিয়াগো বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত ট্ৰাকত থকা ২৭ টা গৰুৰ মাজৰে ১১ টা গৰু মৃত্যু হয় ।

পশুধন সৰবৰাহৰ বাবে বাহন সমূহৰ অনুজ্ঞা পত্ৰৰ আৱশ্যক হয় যদিও উক্ত বাহনখনৰ তেনে কোনো অনুজ্ঞা পত্ৰ নাছিল । দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ট্ৰাকখনৰ চালক আৰু হেন্দিমেন পলায়ন কৰে বুলি জানিব পৰা গৈছে । আনহাতে দুৰ্ঘটনা পতিত টাটা টিয়াগ' বাহনত অহা আহত লোকক আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে ।

প্ৰতি দেওবাৰে বোকাখাতৰ বিহৰাত বহা সাপ্তাহিক গৰু বজাৰৰ পৰা গৰুসমূহ নামনি অসমলৈ নি থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । গৰুসমূহ সৰবৰাহ কৰাৰ ক্ষেত্ৰত বাহনৰ কোনো অনুজ্ঞা পত্ৰ নথকাৰ বাবে আৰক্ষীৰ হাতত ধৰা পৰাৰ ভয়ত নিশা এনেদৰে অবৈধ ভাৱে গৰু সৰবৰাহ কৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হৈ ১১টা পশুধনৰ মৃত্যু হোৱা বুলি মত প্ৰকাশ কৰিছে আৰক্ষী তথা স্থানীয় সচেতন লোকসকলে ।

লগতে পঢ়ক: বেদখলমুক্ত হ’ল বাপুজী মহাবিদ্যালয়ৰ 80 বিঘা ভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.