ETV Bharat / state

গোৱালপাৰাত ৰাইজক বিহুৰ শুভেচ্ছা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

author img

By

Published : Apr 13, 2022, 10:08 PM IST

union-minister-sarbananda-sonowal-in-goalpara
গোৱালপাৰাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

বুধবাৰে গোৱালপাৰাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal in Goalpara) । গোৱালপাৰাত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰে পিচপৰা পৰা ৰাজ্যসমূহত শিক্ষা, স্বাস্থ্য, আৰু কৃষিৰ ক্ষেত্ৰত সুকীয়া পদক্ষেপ ল’ব বুলি জনায় মন্ত্ৰীগৰাকীয়ে ।

গোৱালপাৰা, 13 এপ্ৰিল: বুধবাৰে গোৱালপাৰাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal in Goalpara) । গোৱালপাৰাৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন বিভাগীয় সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ এই সভাত অংশগ্ৰহণ কৰাৰ পাছতে এখন সংবাদমেল সম্বোধন কৰি অসমৰ ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতবৰ্ষৰ শিক্ষা, কৃষি, স্বাস্থ্য আদিত পিচপৰা ৰাজ্য সমূহত সুকীয়া পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

গোৱালপাৰাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

মন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কেন্দ্ৰীয মন্ত্ৰীসকলে গৈ খা-খবৰ লৈ আছে । আমাৰ কৰিবলগীয়া কামৰ বাবে জিলাসমূহৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে আলোচনাও কৰা হৈছে ।’’ ইয়াৰ লগতে প্ৰধান মন্ত্ৰীৰ লক্ষ্য আৰু উদ্দেশ্য সফল কৰাৰ বাবে ভাৰতৰ জনগণে সহায়ৰ হাত আগবঢ়োৱা বুলিও কয় । এই সংবাদমেল সম্বোধন কৰিয়ে মন্ত্ৰীগৰাকীয়ে জিলা বিজেপিৰ এখন দলীয় সভাতো অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : ত্ৰিপুৰাত ১৭ এপ্ৰিলৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব ভাৰত-বাংলা পৰ্যটন মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.