ETV Bharat / state

Assam Education system: অসমৰ শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন আনিব আজমলে, বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন !

author img

By

Published : Aug 22, 2023, 10:52 AM IST

Updated : Aug 22, 2023, 3:12 PM IST

MP Badruddin Ajmal
অসমৰ শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন আনিব আজমলে

এইবাৰ অসমৰ শিক্ষা ব্যৱস্থাৰ সন্দৰ্ভত প্ৰশ্ন তুলিলে সাংসদ আজমলে ৷ বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থাক তথৈবচ আখ্যা সাংসদ গৰাকীৰ ৷

অসমৰ শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন আনিব আজমলে

গোৱালপাৰা, 22 আগষ্ট: বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থা ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল নে কাল ! বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিলে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷ আজমল চুপাৰ 40 আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ সন্দৰ্ভত তেওঁ কয়, ‘‘বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থা তথৈবচ । অসমৰ এই শিক্ষা ব্যৱস্থাত মই মুঠেই সন্তুষ্ট নহয় । এই ক্ষেত্ৰতো চৰকাৰক সমালোচনা কৰিও লাভ নাই ৷ আমি পৰিৱৰ্তন আনিব লাগিব ৷ চৰাকৰৰ পৰা কোনো সহায় লোৱা নাই, আমি নিজৰ মতে আগবাঢ়িছো ৷ বিজ্ঞান শিক্ষা লাগে আপোনালোক আগবাঢ়ি আহক ৷ মই বিনামূলীয়াকৈ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰি দিম ৷’’

‘‘আজমল আই এছ কোচিং চেণ্টাৰত 450 গৰাকীত কৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্ত্তি কৰিছে । ইয়াৰে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়াকৈ আই এছ কোচিং চেণ্টাৰত শিক্ষা প্রদান কৰা হ’ব ।’’ সোমবাৰে পশ্চিম গোৱালপাৰা মহাবিদ্যালয়ৰ 43 তম প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি এইদৰে মন্তব্য কৰে সাংসদ বদৰুদ্দিন আজমলে ।

ইফালে মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাৰ পৰীক্ষাগাৰৰ শুভ উদ্বোধনী কৰাৰ লগতে মহাবিদ্যালয়ত বিজ্ঞান ভৱনৰ বাবে 1 কোটি টকাৰ অনুদান দিয়ে সাংসদগৰাকীয়ে । পশ্চিম গোৱালপাৰা মহাবিদ্যালয় গাঁও অঞ্চলত থকা বাবে শিক্ষা উত্তৰণৰ ক্ষেত্ৰত সাংসদ আজমলে সদায় সহায় কৰি যাব বুলিও উল্লেখ কৰে । সাংসদ আজমলে ভাষণ প্ৰসংগত কয় যে, আজমল চুপাৰ 40 ৰ শিক্ষাৰ্থীয়ে মেডিকেলত অভাৱনীয় হাৰত সাফল্য অৰ্জন কৰাৰ পিচত অসমত নতুনকৈ আজমল আই এছ কোচিং চেণ্টাৰ মুকলি কৰা হৈছে ।

তেওঁ লগতে কয় যে, অসমৰ শিক্ষা ব্যৱস্থা আজমল চুপাৰ 40 ৰ দৰে কৰি যাব আৰু চুপাৰ 40 ক অনুসৰণ কৰিবলৈ ৰাইজক আহ্বান আজমলৰ । পশ্চিম গোৱালপাৰা মহাবিদ্যালয়ৰ 43 তম প্ৰতিষ্ঠা দিৱস উপলক্ষে উপস্থিত থাকে সাংসদ বদৰুদ্দিন আজমলৰ লগতে পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ আৰু মহাবিদ্যালয় কতৃৰ্পক্ষ ৷

লগতে পঢ়ক: Goalpara Syndicate: দুধনৈৰ পিচত কৃষ্ণাইত চলিছে ৰঙা বালিৰ ছিণ্ডিকেট

Last Updated :Aug 22, 2023, 3:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.