ETV Bharat / state

উচ্ছেদৰ পৰা ৰেহাই নাপালে মছজিদো : গোৱালপাৰাত তীব্ৰ প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 4:44 PM IST

Eviction drive at Lakhipur in Goalpara
গৌৰনগৰ আংটিহাৰাত মছজিদ

আল্লাহৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা জনায়ো ৰক্ষা নহ'ল গোৱালপাৰাৰ লক্ষীপুৰ আঙটিহাৰা মছজিদ । প্ৰশাসনে বুলড'জাৰ চলোৱাত ৰাইজৰ মাজত কান্দোনৰ ৰোল ।

গৌৰনগৰ আংটিহাৰাত মছজিদ

গোৱালপাৰা, ১১ ডিচেম্বৰঃ ৰাইজৰ প্ৰৱল আপত্তি সত্বেও গোৱালপাৰা জিলাৰ গৌৰনগৰ আংটিহাৰাত মছজিদত চলিল প্ৰশাসনৰ বুলড'জাৰ । জিলাখনৰ লক্ষীপুৰ আঞ্চলিক বনাঞ্চলৰ অধীনস্থ নলবাৰী সংৰক্ষিত বনাঞ্চলৰ আংটিহাৰা মছজিদত বন বিভাগ আৰু প্ৰশাসনে বুলড'জাৰ চলোৱাৰ সময়তে ৰাইজৰ মাজত কান্দোনৰ ৰোল উঠে । স্থানীয় ৰাইজে কালি শেষবাৰৰ বাবে নামাজ আদায় কৰি মছজিদত উচ্ছেদ নচলাবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছিল যদিও ৰাইজৰ সেই আশা পূৰণ নহ'ল ।

সাংসদ বদৰুদ্দিন আজমলৰ সমষ্টিত প্ৰশাসনৰ বুলড'জাৰ চলোৱাত স্থানীয় লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। কান্দোনত ভাগি পৰিছে স্থানীয় ৰাইজ । উক্ত মছজিদটো উচ্ছেদ কৰাৰ পৰা ৰক্ষা কৰিবলৈ জিলা প্ৰশাসন আৰু চৰকাৰক ৰাইজে আহ্বান জনাই আহিছিল যদিও ইয়াৰ মাজতেই চলিল উচ্ছেদ ।

ইয়াৰ পূৰ্বে আজি পুৱা মছজিদ ৰক্ষা কৰিবলৈ সমূহীয়া প্ৰাৰ্থনা জনায় গঞা ৰাইজে । কিন্তু তেওঁলোকৰ প্ৰাৰ্থনাই কাম নিদিলে ৷ সোমবাৰে প্ৰশাসনৰ বুলড'জাৰৰ চেপাত ভাঙি পৰিল আংটিহাৰাৰ মছজিদ ৷ চকুৰ পচাৰতে ধ্বংসস্তুপত পৰিণত হ’ল মছজিদ ৷

উল্লেখ্য় যে গোৱালপাৰা জিলাৰ লক্ষীপুৰত এমাহ পূৰ্বে বন বিভাগৰ অধীনস্থ নলবাৰী সংৰক্ষিত বনাঞ্চলৰ কেইবা শ বিঘা ভূমিত চৰকাৰে চলাইছিল উচ্ছেদ অভিযান । সেই সময়ত আঙটিহাৰা গাঁৱৰ পকী মছজিদটো উচ্ছেদ নকৰি এৰি থৈ গৈছিল জিলা প্ৰশাসনে । গাঁওবাসীয়ে উল্লেখ কৰা মতে বনবিভাগৰ সংৰক্ষিত বনাঞ্চলৰ সীমাৰ পৰা দুশ ফুট আঁতৰত আছে উক্ত মছজিদটো । মছজিদটোৰ নথি-পত্ৰও আছে বুলি তেওঁলোকে উল্লেখ কৰে ।

লগতে পঢ়ক:গুৱাহাটীত প্ৰথমবাৰৰ বাবে মুকলি হ’ল প্ৰফেচনেল বক্সিং একাডেমী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.