ETV Bharat / state

গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত প্ৰাক্তন সৈনিক নৰেশ্বৰ ৰাভা

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 11:10 AM IST

গোৱালপাৰাত অব্যাহত আছে হাতী মানুহৰ সংঘাত । পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন । নিহত লোকজন হৈছে দহিকটা পোহলানপাৰাৰ নৰেশ্বৰ ৰাভা (60) । নিহত নৰেশ্বৰ ৰাভা প্ৰাক্তন সৈনিক আছিল (Elephant menace) ।

Elephant menace
গোৱালপাৰাত অব্যাহত আছে হাতী মানুহৰ সংঘাত

গোৱালপাৰাত অব্যাহত আছে হাতী মানুহৰ সংঘাত

গোৱালপাৰা, 18 নৱেম্বৰ : গোৱালপাৰা জিলাত তীব্ৰতৰ হৈ পৰিছে হাতী মানুহৰ সংঘাত । হাতীৰ আক্ৰমণত পুনৰ এগৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছে । তথ্য অনুসৰি, গোৱালপাৰা জিলাৰ ৰংজুলি আঞ্চলিক বন বিভাগৰ অধীনস্থ আৰু মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত দহিকতা পোহলানপাৰাত আজি অৰ্থাৎ শনিবাৰে কাহিলিপুৱাতে এটা বনৰীয়া হাতীৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি লয় নৰেশ্বৰ ৰাভা নামৰ এগৰাকী বৃদ্ধয়ে ।

জানিব পৰা মতে, নিহত নৰেশ্বৰ ৰাভা এগৰাকী প্ৰাক্তন সৈনিক আছিল । আজি পুৱাৰ ভাগত নৰেশ্বৰ ৰাভাই ৰবৰ কাটিবৰ বাবে নিজৰ ৰবৰ বাগানৰ অভিমুখে চাইকেলেৰে গৈ আছিল । তেনেতে ৰাস্তাৰে গৈ থাকোঁতে অকলশৰীয়া এটা বনৰীয়া হাতীয়ে অতৰ্কিতে আক্ৰমণ কৰে নৰেশ্বৰ ৰাভাক ৷ ফলত থিতাতে কৰুণ মৃত্যুক সাৱটি লয় নৰেশ্বৰ ৰাভাই ।

পৰৱৰ্তী পৰ্য়ায়ত স্থানীয় ৰাইজে মাজ ৰাস্তাতে নৰেশ্বৰ ৰাভাৰ মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক অৱগত কৰে ৷ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত নিহত নৰেশ্বৰ ৰাভাৰ পৰিয়ালৰ লোকৰ লগতে বন বিভাগ আৰু মৰনৈ আৰক্ষীৰ লোক উপস্থিত হয় ৷

তাৰ পাচতে বন বিভাগৰ লোক লগতে মৰনৈ আৰক্ষীয়ে নৰেশ্বৰ ৰাভাৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । শনিবাৰে পুৱাই সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটো এক শোকাৱহ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে, স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, ৰাজ্যত এতিয়া সঘনে মুক্তভাৱে জাক জাক বন্যহস্তীয়ে বিচৰণ কৰাৰ দৃশ্য প্ৰায়ে সুলভ । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহিছে বৃহৎ বনৰীয়া হাতীৰ জাকে। ফলত অঞ্চলটোত লোক ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ চলিত বৰ্ষত গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ আক্ৰমণত 12 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা গৈছে ৷

লগতে পঢ়ক : পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.