ETV Bharat / state

Elephant menace : শোণিতপুৰত পকা ধান খাই তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 11:12 AM IST

ক্ৰমাৎ বৃদ্ধি পাইছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৷ ইয়াৰ মাজতে শোণিতপুৰৰ বিভিন্ন অঞ্চলৰ কৃষি পথাৰত নিশা বনৰীয়া হাতীয়ে বিচৰণ কৰা দেখিবলৈ পোৱা গৈছে ৷ ফলত উজাগৰে নিশা কটাবলগীয়া হৈছে চাৰিদুৱাৰৰ কৃষক ৰাইজে ৷

Elephant menace
বনৰীয়া হাতী আৰু মানুহৰ সংঘাত
বনৰীয়া হাতী আৰু মানুহৰ সংঘা

তেজপুৰ, ১৩ নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ প্ৰায়ে হাতী মানুহৰ সংঘাতে সংবাদ শিৰোনাম দখল কৰি আহিছে ৷ এইবাৰ হাতীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে শোণিতপুৰবাসীৰ ৷ বিশেষকৈ শোণিতপুৰৰ চাৰিদুৱাৰৰ লগতে কাষৰীয়া অঞ্চল যেনে ৰঙাপৰা, মিছামাৰী, বিন্দুকুৰী, তেজপুৰ, বিহগুৰি আদিত বনৰীয়া হাতীৰ বৃহৎ জাকে বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে ৷

বছৰটোৰ বিভিন্ন সময়ত বনৰীয়া হাতীৰ বিচৰণ চলিলেও শীতৰ সময়ত বিশেষকৈ পথাৰৰ ধান পকিবলৈ লোৱাৰ সময়ত জাকে জাকে হাতীৰ আগমন ঘটে পথাৰলৈ ৷ সোণাই ৰূপাই, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ বৃহৎ জাক তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ আৰিমৰা চাপৰিলৈকে আহে ৷ সম্প্ৰতি বনাঞ্চল সংকুচিত হোৱাই নহয়, হাতীৰ বিচৰণ স্থানো সংকুচিত হৈ উঠাৰ ফলত হাতী মানুহৰ সংঘাতৰ মাত্ৰাও বৃদ্ধি পাইছে ৷

তথ্য অনুসৰি, শোণিতপুৰ জিলাখনত হাতীৰ বাবে বাসস্থান আৰু খাদ্যৰ সংকটতে দেখা দিছে ৷ পূৰ্বে বনৰীয়া হাতী অহা তেজপুৰৰ শালবাৰী আৰু ঘোঁৰামাৰীৰ ঔদ্যোগিক চৌহদলৈ এতিয়া হাতী আহিব নোৱাৰে ৷ এনে অৱস্থাত পথাৰত ধান পকিবলৈ লোৱাৰ সময়ত বৰ্তমান জাকে জাকে বনৰীয়া হাতী নামি পৰিছে ধাননি পথাৰত ৷ যাৰ পৰিণতিত বৰ্তমান কৃষক ৰাইজৰ অৱস্থাও শোচনীয় হৈ পৰিছে ৷

লগতে পঢ়ক : A story of Hatibadhu: হাতী-মানুহৰ সংঘাত ৰুধিবলৈ পাহাৰৰ দাঁতিত ঘাঁহ আৰু ধানখেতি হাতীবন্ধুৰ

সম্পতি বালিপৰা সংৰক্ষিত বনাঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰতিনিশা প্ৰৱেশ কৰে হাতীৰ বৃহৎ জাকে ৷ চাৰিদুৱাৰৰ ধাননি পথাৰত ধান খাই তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে ৷ ইয়াৰে একাংশ হাতীয়ে প্ৰৱেশ কৰিছে গাঁৱতো ৷ পৰিণতিত সপোনৰ খেতিডৰা ৰক্ষা কৰাৰ স্বাৰ্থত কৃষকে নিশা পহৰা দিব লগীয়া হৈছে ৷

আনহাতে, স্থানীয় ৰাইজৰ অভিযোগ, বন বিভাগে এইক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ফলত চাৰিদুৱাৰত নিশাৰ পৰা পুৱালৈকে স্থানীয় ৰাইজে পথাৰত নমা বনৰীয়া হাতী খেদাত ব্যস্ত হ’বলগীয়া হৈছে ৷ তথ্য অনুসৰি, মাত্ৰ তিনিমাহৰ ভিতৰতে জিলাখনত চাৰিটা বনীয়া হাতীৰ মৃত্যু ঘটাৰ লগতে চাৰিজন মানুহ হাতীৰ আক্ৰমণত নিহত হৈছে ৷

আনহাতে, অস্বাভাৱিকভাৱে ৰঙাপৰাত দঁতালহাতীসহ এজনী গাভিনী হাতী আৰু চাৰিদুৱাৰত এটা হাতীৰ মৃত্যু হৈছে ৷ একেদৰেই এই দুই অঞ্চলতে হাতীৰ আক্ৰমণত নিহত হৈছে মানুহো ৷

লগতে পঢ়ক : Wild elephant death news:বিন্দুকুৰিৰ কাছমাৰীত এজনী মাইকী হাতীৰ কৰুণ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.