পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 10:22 AM IST

thumbnail

ৰঙাপৰা, 17 নৱেম্বৰ : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ৷ ইয়াৰ সমান্তৰালকে শোণিতপুৰ জিলাত হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে ৷ ইতিমধ্যে শোণিতপুৰত বনৰীয়া হাতীৰ আক্ৰমণত চাৰিজন লোকৰ মৃত্যু হোৱাৰ সমান্তৰালকৈ পাঁচটাকৈ বনৰীয়া হাতীৰ মৃত্যু হৈছে ৷

পুনৰ বৃহস্পতিবাৰে নিশা শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ এজন ব্যক্তিয়ে অকাল মৃত্যুক সাৱটি লয়। নাহৰণী চাহ বাগিচাৰ 7 বি শাখা আৰু ৰঙাপৰা-নাহৰণী চাহ বাগিচা সংযোগী পথটিৰ কাষতে অনিল দাস নামৰ ব্যক্তিজনক বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত তেওঁ থিতাতে মৃত্যু মুখত পৰে ৷ মৃত লোকজন ইটাখোলাৰ মেটেৰা গাঁৱৰ বুলি জানিব পৰা গৈছে ৷ 

ইফালে ঘটনাৰ খবৰ পোৱাৰ পিচত ঘটনাস্থলীত আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিভাগ আৰু ৰঙাপৰা আৰক্ষী উপস্থিত হয় । চাহ বাগিচাৰ মাজৰ পৰা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে। 

লক্ষণীয় যে, ৰঙাপৰাত এতিয়া মুক্ত বিচৰণ জাক জাক বন্যহস্তীৰ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহিছে বৃহৎ  বনৰীয়া হাতীৰ জাকে। ফলত অঞ্চলটোত লোক ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: Elephant menace : শোণিতপুৰত পকা ধান খাই তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.