ETV Bharat / state

উচ্ছেদৰ দ্বাৰা হাতী-মানুহৰ সংঘাত ৰোধৰ চেষ্টা !

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 3:53 PM IST

man elephant clash
বন বিভাগৰ উচ্ছেদ অভিযান

গোৱালপাৰাৰ ৰংজুলিত বন বিভাগৰ উচ্ছেদ অভিযান ৷ হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বেদখলকৃত ভূমিত পুৱা ৯ বজাৰ পৰা চলিছে উচ্ছেদ অভিযান ৷

বন বিভাগৰ উচ্ছেদ অভিযান

গোৱালপাৰা, 21 নৱেম্বৰ : হাতী-মানুহৰ সংঘাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতী খেদিবলৈ গৈ ইতিমধ্যে কেইবাজনো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ ৰাইজে একো উৱাদিহ নোপোৱা হৈছে ৷ ভয়ত বিতত হৈ ৰাইজে ওৰে নিশা জুই জ্বলাই হাতী খেদাৰ পন্থা হাতত লৈছে ৷ কিন্তু ইমানৰ পিচতো কমা নাই হাতী-মানুহৰ সংঘাত ৷ বন-বিভাগৰ ব্যৰ্থতাকেই বহু সময়ত ৰাইজে এই সংঘাতৰ বাবে দায়ী কৰিব বিচাৰে ৷ অৱশ্যে ঠাই বিশেষে বন-বিভাগে পদক্ষেপ নোলোৱা নহয় ৷ কিন্তু মূল কথাটো হ’ল বনাঞ্চল এৰি জনাঞ্চললৈ হাতী ওলাই আহিছে কিয় ? মানুহে উন্নয়নৰ নামত হাবি-জংঘল কাটি এফালৰ পৰা তহিলং কৰাৰ বাবেই ঘটিছে এই ধৰণৰ ঘটনা ৷ খাদ্যৰ সন্ধানত হাতী মানুহৰ মাজ পাইছেগৈ ৷

শেহতীয়াকৈ গোৱালপাৰা জিলাৰ বন-বিভাগে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে লৈছে এক বিশেষ পদক্ষেপ ৷ গোৱালপাৰাৰ ৰংজুলিত বন বিভাগে চলালে উচ্ছেদ অভিযান ৷ হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বেদখলকৃত ভূমিত পুৱা ৯ বজাৰ পৰা চলিছে এই উচ্ছেদ অভিযান ৷ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত দুখনকৈ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত বেদখল কৰি কৰা চাহ-তামোলৰ বাগিচাত চলিছে উচ্ছেদ ৷ বৃহৎ সংখ্যক আৰক্ষী, অৰ্ধ-সামৰিক বাহিনী লগত লৈ মঙলবাৰে বনবিভাগে দুখনকৈ বেদখলকৃত সংৰক্ষিত বনাঞ্চলত চলালে উচ্ছেদ অভিযান । দীৰ্ঘদিন ধৰি একাংশ লোকে সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ২০০/৩০০ হেক্টৰ ভূমি বেদখল কৰি চাহ বাগিচা আৰু তামোলৰ বাগিচা গঢ়ি তুলিছিল ।

বন-বিভাগৰ লোকে কেইবাবাৰো জাননী দিয়াৰ পিচতো কাণসাৰ নিদিয়াত উপায়ন্তৰ হৈ আজি আৰক্ষী অৰ্ধ-সামৰিক বাহিনীৰ উপস্থিতিত বন বিভাগে উচ্ছেদ অভিযান চলায় । উল্লেখ্য যে, জিলাখনৰ ৰংজুলি আঞ্চলিক বন-বিভাগৰ অন্তৰ্গত দেওঁশীলা আৰু আঠিয়াবাৰী সংৰক্ষিত বনাঞ্চলত বন-বিভাগৰ উদ্যোগত 200- 300 হেক্টৰ ভূমিত চলিছে এই উচ্ছেদ ৷ প্ৰথম পৰ্যায়ত তিনিদিনলৈ উচ্ছেদ চলিব বুলি বন-বিভাগৰ লোকে জানিবলৈ দিছে ৷ পুৱাৰে পৰা উচ্ছেদ অভিযানত নামি পৰে বন বিভাগ আৰু প্ৰশাসন ৷ বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে চলি আছে উচ্ছেদ অভিযান ৷

লগতে পঢ়ক : গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত প্ৰাক্তন সৈনিক নৰেশ্বৰ ৰাভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.