ETV Bharat / state

গোৱালপাৰাত ক’ভিড ৰোগীৰ বাবে বিনামূলীয়া এম্বুলেঞ্চ সেৱা

author img

By

Published : May 9, 2021, 9:47 AM IST

সমগ্ৰ দেশতে অক্সিজেনৰ নাটনি হোৱাৰ সময়তে গোৱালপাৰাত ক’ভিড ৰোগীসকলৰ বাবে অক্সিজেনসহ বিনামূলীয়া এম্বুলেঞ্চ সেৱাৰ যোগান ‘ভাইটি মিউজিক কোম্পানী’ নামৰ এটি ইউ টিউব চেনেলৰ ৷ এটা ফোনকলতে জিলাখনৰ ৰোগীসকলৰ ঘৰত উপস্থিত হ’ব বিনামূলীয়া এম্বুলেঞ্চ ৷

free-ambulance-service
গোৱালপাৰাত বিনামূলীয়া এম্বুলেন্স সেৱা

গোৱালপাৰা,9 মে’: গোৱালপাৰাত ক’ভিড ৰোগীসকলৰ বাবে অক্সিজেনসহ বিনামূলীয়া এম্বুলেঞ্চ সেৱাৰ যোগান ধৰিছে এটি ইউ টিউব চেনেলে ৷ কৰ’ণা সংক্ৰমণৰ ফলত সমগ্ৰ দেশতে অক্সিজেনৰ নাটনি হোৱাৰ পৰিপ্ৰেক্ষিতত ‘ভাইটি মিউজিক কোম্পানী’ নামৰ ইউ টিউব চেনেলটোৱে গ্ৰহণ কৰিছে এই প্ৰশংসনীয় পদক্ষেপ ৷

গোৱালপাৰা জিলাবাসীৰ সুবিধাৰ্থে অক্সিজেনসহ দুখনকৈ বিনামূলীয়া এম্বুলেঞ্চৰ ব্যৱস্থা গ্ৰহণ কৰে কোম্পানীটোৱে । শনিবাৰে এক সংবাদমেলযোগে কোম্পানীটোৰ পৰিচালন সঞ্চালক মুস্তাফিজুৰ ৰহমানে কয় যে, ‘‘আমাৰ ফালৰ পৰা এম্বুলেঞ্চৰ লগতে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনৰ সুবিধা থাকিব । এই সুবিধা 24 ঘণ্টাই উপলব্ধ হ’ব’’ ৷

গোৱালপাৰাত বিনামূলীয়া এম্বুলেঞ্চ সেৱা

এটা ফোনকলতে এতিয়া জিলাখনৰ ৰোগীসকলৰ ঘৰৰ দুৱাৰদলিত উপস্থিত হ’ব এম্বুলেঞ্চ । তাৰ বাবে 88225-12916, 95992-64113 আৰু 60039-11128 এই তিনিটা টোল ফ্ৰী নম্বৰত যোগাযোগ কৰিব লাগিব ৷ ফোনকলৰ পাচতে প্ৰাথমিক পৰ্যায়ত এই সুবিধা কেৱল জিলাবাসীৰ বাবে উপলব্ধ হ’ব । পৰৱৰ্তী পৰ্যায়ত এই সুবিধা বহিঃজিলালৈ সম্প্ৰসাৰিত কৰাৰ বাবে চিন্তা-চৰ্চা কৰা বুলি জানিবলৈ দিয়ে পৰিচালন সঞ্চালক মুস্তাফিজুৰ ৰহমানে ।

লগতে পঢ়ক : মাঞ্জাত শোকাৱহ পথ দুৰ্ঘটনাত এজন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.