ETV Bharat / state

বিষাক্ত কাঠফুলাই পুনৰ প্ৰাণ ল'লে এগৰাকী মহিলাৰ

author img

By

Published : Apr 19, 2022, 2:19 PM IST

woman dies after consuming poisonous mushrooms
বিষাক্ত কাঠফুলাই প্ৰাণ ল'লে আৰু এগৰাকী মহিলাৰ

যোৱা ১৩ এপ্ৰিলত ডিমা হাছাওত বিষাক্ত কাঠফুলা খাই প্ৰাণ হেৰুৱাইছিল এজন লোকে (One died after consuming poisonous mushrooms) । অসুস্থ হৈ পৰিছিল ৮ গৰাকীকৈ লোক । চিকিৎসাধীন এগৰাকীৰ মঙলবাৰে মৃত্যু ঘটে হাফলং অসামৰিক চিকিৎসালয়ত ।

ডিমা হাছাও, ১৯ এপ্ৰিল : অব্যাহত আছে কাঠফুলাৰ ট্ৰেজেডী । চিকিৎসাধীন অৱস্থাতে পুনৰ প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই । ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংচুৰ ৮ কিলো অঞ্চলত ১৩ এপ্ৰিলত বিষাক্ত কাঠফুলা খাই অসুস্থ হৈ পৰিছিল ৮ গৰাকীকৈ লোক ৷ তদুপৰি প্ৰাণ হেৰুৱাইছিল এগৰাকীয়ে ।

গুৰুতৰভাৱে অসুস্থ ৮ গৰাকীকৈ লোকক চিকিৎসা প্ৰদান কৰি থকা হৈছিল যদিও ইয়াৰে দুগৰাকীৰ অৱস্থা সংকটজনক বুলি চিকিৎসকে প্ৰকাশ কৰে । কিন্তু মঙলবাৰে পুৱা সুজাতা তামং নামৰ মহিলাগৰাকীৰ মৃত্যু ঘটে ।

লগতে চাওক: দুলীয়াজানত বিষাক্ত কাঠফুলা খাই তিনিজনৰ মৃত্যু

বৰ্তমান ৭ গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰি থকা হৈছে যদিও ইয়াৰে এগৰাকীৰ অৱস্থা বৰ্তমানেও সংকটজনক বুলি জানিব পৰা গৈছে(7 still sick after eating poisonous mushrooms) । উল্লেখ্য যে, পূৰ্বেও বিষাক্ত কাঠফুলা খাই কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছিল অঞ্চলটোত । সেয়েহে চিকিৎসক তথা সচেতন লোকসকলে সকলোকে সজাগ হ'বলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: বিষাক্ত কাঠফুলা খাই ডিমা হাছাওত মৃত্যু এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.