ETV Bharat / state

Water crisis in Assam: পানীৰ তীব্ৰ সংকটৰ সন্মুখীন ডিমা হাছাওবাসী

author img

By

Published : May 10, 2023, 7:36 PM IST

Water crisis in Half Long
হাফলঙত পানীৰ তীব্ৰ সংকট

ডিমা হাছাও জিলাত পানীৰ সংকটত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে (Water crisis in Dima Hasao)। বিশেষকৈ জিলাখনৰ ডিমা হাছাওৰ সদৰ হাফলঙত পানীৰ তীব্ৰ সংকটে দেখা দিছে । হাফলং চহৰৰ বিভিন্ন ঠাইত যোৱা দুই তিনি মাহৰ পৰা পানী যোগান ধৰা নাই জনস্বাস্থ্য কাৰিকৰী বিভাগে ।

হাফলঙত পানীৰ তীব্ৰ সংকট

হাফলং, ১০ মে': ডিমা হাছাও জিলাৰ সদৰ হাফলঙত পানীৰ তীব্ৰ সংকট দেখা দিয়াৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । খোৱা পানীৰ বাবে সাধাৰণ ৰাইজে হাহাকাৰ কৰিব লগা হৈছে (Water crisis in Half Long)। পানীৰ বাবে এতিয়া হাফলং চহৰৰ বিভিন্ন মন্দিৰত ৰাইজে পূজা কৰিছে । হাফলং চহৰৰ বিভিন্ন ঠাইত কেইবামাহ ধৰি পানীৰ যোগান ধৰা নাই জনস্বাস্থ্য কাৰিকৰী বিভাগে । চৰকাৰে পানীৰ আঁচনিৰ বাবে কোটি কোটি টকা ব্যয় কৰিলেও হাফলং চহৰত পানীৰ সমস্যাৰ আজি লৈকে সমাধান হোৱা নাই ।

জিলাখনত যোৱা 6 মাহৰ পৰা বৰষুণ হোৱা নাই । যাৰ বাবে জলাশয়সমূহ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ উৎস স্থলসমূহ শুকাই গৈছে । পাহাৰীয়া নৈসমূহত পানী নোহোৱা বাবে এনেদৰে পানীৰ তীব্ৰ সংকটে দেখা দিছে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান অনিয়মীয়া হৈ পৰিছে (Public Health Technical Department)।

যোৱা বছৰৰ মে' মাহত ডিমা হাছাও জিলাত প্ৰবল বৰষুণৰ বাবে পাহাৰীয়া জিলাখন প্ৰবল প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিছিল । এইবাৰ বৰষুণ নোহোৱাৰ বাবে ভয়ংকৰ পানীৰ সংকটত পৰিছে হাফলং চহৰৰ সাধাৰণ ৰাইজ । হাফলং জনস্বাস্থ্য কাৰীগৰি বিভাগে এখন সংবাদমেলৰ আয়োজন কৰি কৰ্তৃপক্ষই জনাইছিল যে, বৰষুণৰ অভাৱত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উৎসস্থলসমূহ শুকাই গৈছে । যাৰ বাবে হাফলং চহৰত পানীৰ যোগান ধৰা হোৱা নাই । বৰষুণ নহ'লে হাফলং চহৰত পানীৰ যোগান ধৰা সম্ভৱ নহ'ব বুলি বিভাগী উল্লেখ কৰি এতিয়া ভগবানেই একমাত্ৰ ভৰসা বুলি কৈছিল ।

ইপিনে, সাধাৰণ ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে, হাফলঙত পানীৰ সমস্যাই দেখা দিয়াৰ একমাত্ৰ কাৰণ হৈছে পাহাৰীয়া নৈৰ পৰা অবৈধভাৱে শিল সংগ্ৰহ । একাংশ লোকে অবাধে শিল সংগ্ৰহ কৰি বাহিৰলৈ নিয়েই আছে । বিশেষকৈ কিছু অবৈধ ব্যৱসায়ীয়ে জাতিংগা নৈৰ পৰা অবৈধভাৱে শিল সংগ্ৰহ কৰি বাহিৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে । জাতিংগা নৈৰ এনে দৃশ্য ইয়াৰেই প্ৰমাণ কৰে নৈত এতিয়া এটাও শিল নাই । প্ৰতিদিনে ট্ৰাক ভৰ্তি কৰি জাতিংগা নৈ খনন কৰি শিল বাহিৰলৈ নিয়াত নৈয়ে পানী ধৰি ৰাখিব পৰা নাই ।

তদুপৰি ডিমা হাছাও জিলাত বনাঞ্চল ধ্বংসযজ্ঞ চলি আছে । গছ কাটি বনাঞ্চল ধ্বংসৰ মুখলৈ ঠেলি দিছে চোৰাং ব্যৱসায়ীসকলে । এনে বনাঞ্চল ধ্বংসৰ বাবে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত নিতৌ প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে । যাৰ বাবে এই পাহাৰীয়া জিলাখনত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে ।

লগতে পঢ়ক:Braille Hemkosh: তেজপুৰ বিশ্ববিদ্যালয়ক প্ৰথমখন পূৰ্ণাংগ ব্ৰেইলী লিপি অভিধান হেমকোষ প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.