ETV Bharat / state

Braille Hemkosh: তেজপুৰ বিশ্ববিদ্যালয়ক প্ৰথমখন পূৰ্ণাংগ ব্ৰেইলী লিপি অভিধান হেমকোষ প্ৰদান

author img

By

Published : May 10, 2023, 3:39 PM IST

দক্ষিণ পূৱ এছিয়াৰ প্ৰথমখন পূৰ্ণাংগ ব্ৰেইলী লিপি অভিধান হেমকোষ মঙলবাৰে তেজপুৰ বিশ্ববিদ্যালয়ক প্ৰদান কৰা হয় । হেমকোষ প্ৰকাশনৰ সদস্য ৰুবি বৰুৱাই তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভূ নাথ সিঙক প্ৰদান কৰে পূৰ্ণাংগ ব্ৰেইলী লিপি অভিধানখন (First complete Braille Hemkosh of South East Asia)।

first complete Braille script Hemkosh dictionary donated to Tezpur University
প্ৰথমখন পূৰ্ণাংগ ব্ৰেইলী লিপি অভিধান হেমকোষ তেজপুৰ বিশ্ববিদ্যালয়ক প্ৰদান

তেজপুৰ, 10 মে': মঙলবাৰে তেজপুৰ বিশ্ববিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত হেমকোষ প্ৰকাশনে আনুষ্ঠানিকভাৱে বিশ্ববিদ্যালয়খনক প্ৰদান কৰে দক্ষিণ পূৱ এছিয়াৰ প্ৰথমখন পূৰ্ণাংগ ব্ৰেইলী লিপি অভিধান হেমকোষ ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত প্ৰদান কৰা হয় এই অভিধানখন ৷

first complete Braille script Hemkosh dictionary donated to Tezpur University
প্ৰথমখন পূৰ্ণাংগ ব্ৰেইলী লিপি অভিধান হেমকোষ তেজপুৰ বিশ্ববিদ্যালয়ক প্ৰদান

হেমকোষ প্ৰকাশনৰ সদস্য ৰুবি বৰুৱাই হেমকোষ প্ৰকাশনৰ হৈ ‘হেমকোষ’ৰ ব্ৰেইল সংস্কৰণটো আনুষ্ঠানিকভাৱে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভূ নাথ সিঙক অৰ্পণ কৰে । তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ কপৌ মালাকাৰৰ "Gender Divide and Women Empowerment in the Digital Age" (‘লিংগ বিভাজন আৰু ডিজিটেল যুগত মহিলা সবলীকৰণ) নামৰ গ্ৰন্থখনো উন্মোচন কৰা হয় একেটা অনুষ্ঠানতে (Mass communication dept of Tezpur university)।

inaugruation of Gender Divide and Women Empowerment in the Digital Age
Gender Divide and Women Empowerment in the Digital Age উন্মোচন অনুষ্ঠান

অনুষ্ঠানৰ আৰম্ভণিতে গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক অভিজিৎ বৰাই আদৰণি ভাষণ প্ৰদান কৰে । হেমকোষ প্ৰকাশনৰ স্বত্বাধিকাৰী তথা অসমৰ উদ্যোগী জয়ন্ত বৰুৱালৈ হেমকোষৰ ব্ৰেইল সংস্কৰণ সৃষ্টিৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে । অধ্যাপক বৰাই কৰ্মমুখী চিন্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতিদিন গোষ্ঠী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ মাজত এক উদ্যোগ-শৈক্ষিক সংযোগ স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায় লগতে তেওঁ ড৹ কপৌ মালাকাৰক তেওঁৰ গ্ৰন্থ উন্মোচনৰ বাবে অভিনন্দন জনায় (First complete Braille Hemkosh of South East Asia )।

first complete Braille script Hemkosh dictionary donated to Tezpur University
প্ৰথমখন পূৰ্ণাংগ ব্ৰেইলী লিপি অভিধান হেমকোষ তেজপুৰ বিশ্ববিদ্যালয়ক প্ৰদান

বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপিকা ডঃ অঞ্জুমন বৰাই আতঁ ধৰা অনুষ্ঠানটোত তেজপুৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক শম্ভূ নাথ সিঙৰ লগতে বিশ্ববিদ্যালয়ৰ মানৱীয় আৰু সমাজ বিজ্ঞান বিদ্যালয়ৰ মুৰব্বী অধ্যাপিকা ফাৰহীনা দন্তা, প্ৰতিদিন গোষ্ঠীৰ কাৰ্যবাহী সম্পাদিকা স্মিতাক্ষী বৰুৱা গোস্বামী, বিশিষ্ট সাংবাদিক তথা NEZINE.com ৰ প্ৰতিষ্ঠাপক সম্পাদক সুশান্ত তালুকদাৰ, বিশিষ্ট সাংবাদিক তথা সাহিত্যিক ৰত্ন ভৰালী তালুকদাৰ, হেমকোষ প্ৰকাশনৰ সদস্য ৰুবী বৰুৱা, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ বিভাগীয় মুৰব্বী অধ্যাপক অভিজিৎ বৰা আৰু সংবাদ কৰ্মীসকল উপস্থিত থাকে (first complete Braille script Hemkosh dictionary donated to Tezpur University) ।

inaugruation of Gender Divide and Women Empowerment in the Digital Age
Gender Divide and Women Empowerment in the Digital Age উন্মোচন

অনুষ্ঠানত বিশিষ্ট সাংবাদিক তথা NEZINE.com ৰ প্ৰতিষ্ঠাপক সম্পাদক সুশান্ত তালুকদাৰ আৰু অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই নিজৰ মতামত ব্যক্ত কৰে ।

লগতে পঢ়ক : Jorhat porn incident : যোৰহাট কাণ্ডৰ সৈতে জড়িতক ন্যায়িক জিম্মালৈ প্ৰেৰণ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.