ETV Bharat / state

Jorhat porn incident : যোৰহাট কাণ্ডৰ সৈতে জড়িতক ন্যায়িক জিম্মালৈ প্ৰেৰণ

author img

By

Published : May 10, 2023, 11:33 AM IST

যোৰহাট কাণ্ডৰে জড়িত অভিযুক্ত যুৱক-যুৱতীক ন্যায়িক জিম্মালৈ প্ৰেৰণ । ইয়াৰ পূৰ্বে 3 দিনৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছিল অভিযুক্ত যুৱক-যুৱতীক ৷ মঙলবাৰে দুই অভিযুক্তক হাজিৰ কৰোৱা হৈছিল আদালতত (Jorhat Viral Porn Video update)।

Jorhat Viral Porn Video news update
চাঞ্চল্যকৰ যোৰহাট কাণ্ডৰ অভিযুক্তক ন্যায়িক জিন্মালৈ প্ৰেৰণ

যোৰহাট, 10 মে’ : চাঞ্চল্যকৰ যোৰহাট কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্তক ন্যায়িক জিন্মালৈ প্ৰেৰণ । অশ্লীল ছবি নিৰ্মাণৰে জড়িত থকাৰ অভিযোগ উঠিছিল যুৱক-যুৱতীদ্বয়ৰ বিৰুদ্ধে ৷ যোৰহাটৰ অশ্লীল ছবি নিৰ্মাণৰে জড়িত অভিযুক্ত যুৱতী আৰু যুৱক অভিষেক কাশ্যপক মঙলবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় (accused remanded in judicial custody)।

3 দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলাত মঙলবাৰে দুই অভিযুক্তক হাজিৰ কৰোৱা হৈছিল আদালতত । আৰক্ষীয়ে পুনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে দুয়োকে প্ৰেৰণ কৰে ন্যায়িক জিম্মালৈ । ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল আনজন অভিযুক্ত কিশলয় শৰ্মাক ।

যোৰহাটৰ অশ্লীল ছবি নিৰ্মাণ কাণ্ডৰ সৈতে ৰাজ্যৰ আগশাৰীৰ মহাবিদ্যালয়ৰ তিনিজনকৈ শিক্ষাৰ্থী জড়িত হৈ থকা ঘটনাক লৈ বৰ্তমানো অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া । উল্লেখ্য যে, যোৰহাটৰ আগশাৰীৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী অশ্লীল ভিডিঅ’ নিৰ্মাণত জড়িত হৈ পৰাৰ অভিযোগ উত্থাপন হৈছিল । অকল ইমানেই নহয়, অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰি বিভিন্ন প’ৰ্ণ ছাইটত আপলোড কৰাৰো অভিযোগ উত্থাপিত হৈছিল এইসকলৰ বিৰুদ্ধে (Jorhat Viral Porn Video) ।

সমগ্ৰ ঘটনা পোহৰলৈ আহে এগৰাকী 72 বছৰীয়া লোকে আত্মহত্যা কৰাৰ পাচত । ঘটনা সন্দৰ্ভত ইতিমধ্যে যোৰহাট আৰক্ষীয়ে জিলাখনৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী আৰু আন দুখন মহাবিদ্যালয়ৰ দুজন ছাত্ৰক গ্ৰেপ্তাৰ কৰে । উল্লেখ কৰা প্ৰয়োজন যে, পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত ঢেকেলিয়া গাঁৱৰ এজন 72 বছৰীয়া লোকৰ সৈতে শাৰিৰীক সম্পৰ্ক স্থাপনৰ সমগ্ৰ ঘটনা কৌশলেৰে কেমেৰাত আৱদ্ধ কৰি প’ৰ্ণ ছাইটত এৰি দিছিল ছাত্ৰীগৰাকীয়ে (3 students arrested for making porn) ।

উক্ত ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত 72 বছৰীয়া বৃদ্ধ লোকজনে যোৱা শুকুৰবাৰে বিয়লি আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰ পিচতে স্থানীয় অঞ্চলটোৰ লগতে উত্তপ্ত হৈ পৰিছিল সমগ্ৰ ৰাজ্য । অঞ্চলটোৰ মহিলাসকল ওলাই আহি ঘটনাৰ উচিত তদন্ত দাবী কৰে । আৰক্ষীয়ে ইয়াৰ পিচতে অশ্লীল ভিডিঅ’ কাণ্ডৰে জড়িত ছাত্ৰীগৰাকীৰ লগতে আন দুজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিছিল (Pulibor police station)।

ইয়াৰ পিচতে যুৱতীগৰাকীয়ে নিৰ্মাণ কৰা বহু পৰ্ণ ভিডিঅ’ বিভিন্ন ছাইটত দিয়াৰ তথ্য পোহৰলৈ আহে । আনকি আৰক্ষীয়ে জব্দ কৰা এটা লেপটপৰ পৰাও আপত্তিজনক বহু কেইটা ভিডিঅ’ আপলোড কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । ইফালে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা মেধাৱী ছাত্ৰীগৰাকীৰ এই কাণ্ডত আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Unknown diseases at Merapani: মেৰাপানীত লাম্পী ভাইৰাছ সদৃশ মহামাৰীৰ প্ৰাদুৰ্ভাৱ; চিন্তিত পশু পালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.