ETV Bharat / state

Manipur Violence: ’আমি যুঁজিব জানো’ ; ডিমা হাছাওত কুকি মহিলাৰ হুংকাৰ

author img

By

Published : Jul 24, 2023, 6:55 PM IST

Dima Hasao Protest
কুকি মহিলাৰ হুংকাৰ

ডিমা হাছাও জিলাত কেইবাটাও সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ ৷ মণিপুৰৰ ঘটনাৰ তদন্তৰ দাবীৰে প্ৰতিবাদ ৷ ডিমা হাছাও মাহুৰ খেল পথাৰত কুকি ছাত্ৰ সন্থা,মাৰ ছাত্ৰ সন্থা, মাৰ মহিলা সন্থা আৰু কুকি মহিলা সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷

কুকি মহিলাৰ হুংকাৰ

হাফলং,২৪ জুলাই : মণিপুৰৰ মানৱ সমাজক লজ্জানত কৰাৰ ঘটনাৰ বিৰুদ্ধে ডিমা হাছাও জিলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কেইবাটাও সংগঠনে ৷ ডিমা হাছাও মাহুৰ খেল পথাৰত কুকি ছাত্ৰ সন্থা,মাৰ ছাত্ৰ সন্থা, মাৰ মহিলা সন্থা আৰু কুকি মহিলা সন্থাৰ উদ্যোগত ৰাইজে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে অনতিপলমে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ দাবী আৰু মণিপুৰত সংঘটিত সকলো ঘটনা নিয়াৰ দ্বাৰা তদন্তৰ দাবী জনাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

4 মে‘ত মণিপুৰত মেইটেই জনগোষ্ঠীৰ একাংশ উন্মাদ লোকে দুই কুকি মহিলাক বিবস্ত্ৰ কৰি পেৰেড কৰোৱা ঘটনাক ইতিমধ্যে তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছে বিভিন্ন দল সংগঠনে ৷ উল্লেখযোগ্য দীর্ঘদিনৰ পৰা মণিপুৰত কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত সংঘাতৰ ফলত দেৰ শতাধিক লোকৰ মৃত্যু হোৱাত ওপৰিও প্ৰায় 50 হাজাৰৰ অধিক লোক গৃহহীন হৈ বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে ৷

সোমবাৰে ডিমা হাছাও জিলাৰ মাহুৰ খেল পথাৰত সহস্ৰাধিক মহিলা আৰু পুৰুষে মণিপুৰৰ এই জঘন্য ঘটনাৰ তীব্ৰ নিন্দা আৰু গৰিহণা জনাই মণিপুৰৰ মুখ্য মন্ত্ৰীৰ পদত্যাগ দাবী কৰে প্ৰতিবাদকাৰীসকলে ৷ মণিপুৰত কুকি জনগোষ্ঠীৰ বাবে পৃথক প্ৰশাসনিক ব্যৱস্থা দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷

আনহাতে প্ৰতিবাদকাৰী সকলে মণিপুৰৰ ঘটনাক লৈ কংগ্ৰেছ, বিজেপি, তৃণমূল কংগ্ৰেছক ৰাজনীতি নকৰিবলৈ সকীয়নী দিয়ে ৷ ইফালে মণিপুৰত মহিলা, শিশু সকলৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে বুলি অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদকাৰী ছিলভিয়াছ খোজলয়ে কয়,‘ আমি শান্তি বিচাৰো আমাক বাধ্য নকৰিব, আমি যুঁজিব জানো । আমি শান্তি বিচাৰো আৰু মেইটেই সকলক আমি শান্তিৰ বাবে যুঁজিবলৈ আহ্বান জনাইছো।’

লগতে পঢ়ক:NCHAC chief executive member Debolal Gorlosa:দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে হাফলঙত সৰৱ কংগ্ৰেছী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.