ETV Bharat / state

Preparation for Christmas Celebration : বৰদিনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ডিমা হাছাওত

author img

By

Published : Dec 23, 2021, 3:43 PM IST

Preparation for Christmas
ডিমা হাছাওত বৰদিনৰ প্ৰস্তুতি

পবিত্ৰ বৰদিনলৈ মাজত মাথোঁ এটা দিন । খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ মাজত পাৰভঙা উছাহ । ডিমা হাছাওতো বৰদিনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে(Preparation for Christmas Celebration in Dima Hasao) ।

ডিমা হাছাও, ২৩ ডিচেম্বৰ: ক'ভিডৰ ভয়াৱহতা অব্যাহত থকাৰ মাজতে সাৱধনতা অৱলম্বন কৰি বৰদিন পালন কৰিবলৈ সাজু হৈছে ডিমা হাছাওৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল । হেঁপাহৰ উৎসৱটিক লৈ আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে জিলাখনত । কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে চৌদিশ । ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙৰ গীৰ্জাবোৰ আটকধুনীয়াকৈ সজাই তোলা হৈছে(Churches decked up for Christmas in Dima Hasao) ।

চহৰখনত থকা বসগৃহবোৰো বিভিন্ন সামগ্ৰীৰে নতুন ৰূপত সজাোৱা হৈছে । ঘৰে ঘৰে ৰঙীন লাইটেৰে সজোৱা হৈছে খ্ৰীষ্টমাছ ট্ৰি । আলোকিত কৰি তোলা হৈছে গীৰ্জাসমূহ । শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া খ্ৰীষ্টমাছ ইভৰ বাবে এতিয়া ব্যপক প্ৰস্তুতি চলিছে পাহাৰীয়া জিলাখনত(Preparation for Christmas Eve in Dima Hasao) ।

Preparation for Christmas
ডিমা হাছাওত বৰদিনৰ প্ৰস্তুতি

ডিমা হাছাও জিলা হৈছে ১৪টা জনগোষ্ঠীৰ বসবাসস্থলী আৰু সকলো জাতি-জনগোষ্ঠীৰ আছে পৃথক পৃথক উৎসৱ ।

এই উৎসৱসমূহ সকলোৱে আনন্দেৰে পালন কৰে । এই বছৰ মাহুৰত নিৰ্মাণ কৰা হৈছে ৪০ ফুট উচ্চতাৰ ষ্টাৰ আৰু সজাই তোলা হৈছে ১৩ ফুট উচ্চতাৰ খ্ৰীষ্টমাছ ট্ৰি । আনহাতে, ঘৰে ঘৰে তৈয়াৰ কৰা হৈছে সুস্বাদু খাদ্য সামগ্ৰী ।

লগতে পঢ়ক:Brahmaputra Festival Controversy : শিলঘাটত ব্ৰহ্মপুত্ৰ উৎসৱৰ মঞ্চত জিলিকিল "মাজুলী"

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.