ETV Bharat / state

One person died after falling a tree in Dima Hasao: ডিমা হাছাও জিলাত গছ পৰি এগৰাকী লোকৰ মৃত্যু

author img

By

Published : Jun 16, 2023, 1:59 PM IST

One person died after falling a tree
গছ পৰি এগৰাকী লোকৰ মৃত্যু

ডিমা হাছাও জিলাত দুগৰাকী ব্যক্তি মটৰ চাইকেলত নিজৰ ঘৰলৈ উভতি গৈ থকাৰ সময়তে এজোপা ডাঙৰ গছ বাগৰি পৰাৰ ফলত মটৰ চাইকেলৰ পিচত থকা আৰোহীজন গুৰুতৰভাবে আঘাত প্ৰাপ্ত হৈ মৃত্যুমুখত পৰে ৷

হাফলং, 16 জুন : ডিমা হাছাও জিলাত গছ পৰি এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে । অসমৰ অন্যতম পাহাৰীয়া জিলাখনত ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ মাজতে শুকুৰবাৰৰ পুৱা শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় দিয়ুংবৰাত । জানিব পৰা মতে, এখন মটৰ চাইকেলত দুগৰাকী ব্যক্তি দিয়ুংবৰা ব্লক বজাৰৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়তে গছ ভাঙি পৰে ৷ ইয়াৰ ফলত মৃত্যু মুখত পৰে মটৰ চাইকেলৰ পিচত বহি গৈ থকা আৰোহীজনৰ ।

আনহাতে ডিমা হাছাও জিলাত নেৰা-নেপেৰা বৰষুণৰ বাবে পাহাৰীয়া অঞ্চলৰ বিভিন্ন গাঁৱৰ সংযোগী পথ সমূহ ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে । ইয়াৰ উপৰি হাফলং-শিলচৰৰ 54 নম্বৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন ঠাইত ভূমিস্খলন হোৱাৰ ফলত যানবাহন চলাচল ব্যাহত হৈ পৰিছে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই ৰাষ্ট্ৰীয় ঘাইপথ সুচল কৰি তোলাৰ লক্ষ্যত যুদ্ধকালীন ভাবে কাম কৰি আছে ।

ইয়াৰ উপৰি হাফলঙৰ পৰা উমৰাংচো দিয়ুংমুখ সংযোগী পথটো নিম্ন হাফলঙৰ ওচৰতে থকা পথৰ ওপৰৰ পাহাৰৰ পৰা নামি অহা পানীয়ে নৈৰ ৰূপ ধাৰণ কৰিছে আৰু এনে তীব্ৰ গতিত পানী নামি অহাৰ ফলতে এই পথটোৰ ব্যাপক ক্ষতি সাধন হৈছে । প্ৰচণ্ড বৰষুণৰ বাবে জিলাখনত বিদ্যালয়সমূহো বন্ধ দিয়া হৈছে ৷ প্ৰশাসনে বিভিন্ন ধৰণৰ সতৰ্কতামূলক আঁচনি হাতত লোৱাৰ পাচতো আজি ৰাতিপুৱা সংঘটিত হোৱা ঘটনাটোৱে শোকাস্তব্ধ কৰি তুলিছে সকলোকে ৷

দিয়ুংবৰাৰ ব্লক বজাৰৰ পৰা দিয়ুংবৰা আইডিপি ব্লক কেম্পাছৰ পথেৰে দুগৰাকী ব্যক্তি মটৰ চাইকেলত নিজৰ ঘৰলৈ উভতি গৈ থকাৰ সময়তে এজোপা ডাঙৰ গছ বাগৰি পৰাৰ ফলত মটৰ চাইকেলৰ পিচত থকা আৰোহীজন গুৰুতৰভাবে আঘাত প্ৰাপ্ত হয় । লগে লগে স্থানীয় লোক সকলে আঘাত প্ৰাপ্ত ব্যক্তি গৰাকীক ব্লক বজাৰৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ যায় । কিন্তু চিকিৎসা কেন্দ্ৰত ব্যক্তি গৰাকীৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে চিকিৎসকে । কিন্তু মটৰ চাইকেল চলাই যোৱা ব্যক্তিজনৰ প্ৰাণ সৌভাগ্যবশত ৰক্ষা পৰে ।

লগতে পঢ়ক : Golai road accident : ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত চাৰি, চিকিৎসাধীন এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.