ETV Bharat / state

অক্টোবৰত আৰম্ভ হ’ব নৃমবাংলোৰ পৰা জাতিংগাৰ চাৰিলেন ঘাইপথ নিৰ্মাণৰ কাম

author img

By

Published : May 28, 2022, 12:40 PM IST

NHAI CGM at Dima Hasao
NHAIৰ মুখ্য মহাপ্ৰৱন্ধকে পৰিদৰ্শন কৰিলে ডিমা হাছাওৰ বিধ্বস্ত ঘাইপথ

NHAIৰ মুখ্য মহাপ্ৰৱন্ধকে পৰিদৰ্শন কৰিলে ডিমা হাছাওৰ বিধ্বস্ত ঘাইপথ ৷ শেহতীয়াকৈ বান আৰু ভূমিস্খলনে ডিমা হাছাও জিলাত তাণ্ডৱ চলাইছে (Flood and landslide in Dima Hasao)। এতিয়াও বন্ধ হৈ আছে কেইবাটাও ঘাইপথ । ক্ষতিগ্ৰস্ত হৈছে গুৰুত্বপূৰ্ণ ঘাইপথ । ঘাইপথসমূহ পৰিদৰ্শন কৰে NHAIৰ মুখ্য মহাপ্ৰৱন্ধকে । অতি শীঘ্ৰে ঘাইপথসমূহৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম আৰম্ভ হ'ব বুলি জানিব পৰা হৈছে ।

ডিমা হাছাও, ২৮ মে': অক্টোবৰ মাহৰ পৰাহে আৰম্ভ হ'ব বান আৰু ভূমিস্খলনত বিধ্বস্ত হোৱা শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ নৃমবাংলোৰ পৰা হাৰেংগাজাওলৈ ৫০ কিলোমিটাৰ অংশৰ চাৰিলেনযুক্ত ঘাইপথৰ নিৰ্মাণ । এই গুৰুত্বপূৰ্ণ মন্তব্য ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ মুখ্য মহাপ্ৰৱন্ধক (CGM) এল পি পাধিৰ (NHAI CGM at Dima Hasao)। মুখ্য মহাপ্ৰৱন্ধকগৰাকীয়ে ডিমা হাছাও উপস্থিত হৈ এই মন্তব্য কৰে ।

উল্লেখ্য যে শুকুৰবাৰে মুখ্য মহাপ্ৰৱন্ধক জিলাখনত উপস্থিত হয় । তেওঁ বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত শিলচৰ-হাফলং ৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু জাতিংগা-মাইবাং ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰে (NHAI CGM inspects damaged Highway in Dima Hasao)। পৰিদৰ্শন কালত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ মুখ্য মহাপ্ৰৱন্ধকগৰাকীয়ে কয় যে নৃমবাংলোৰ পৰা হাৰেংগাজাও লৈকে ঘাইপথৰ ৫০ কিলোমিটাৰ অংশটো অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ'ব । ইয়াৰ বাবে জাপানৰ জাইকা নামৰ এটা এজেঞ্চিৰ সহায় লোৱা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে ।

NHAIৰ মুখ্য মহাপ্ৰৱন্ধক

ইতিমধ্যে এই ঘাইপথ নিৰ্মাণৰ বাবে প্ৰস্তাৱৰ কাম শেষ হৈছে বুলি তেওঁ উল্লেখ কৰে । ইফালে শিলচৰ-হাফলং ৫৪ নম্বৰ ৰাষ্ট্রীয় ঘাইপথৰ যি অংশ বান আৰু ভূমিস্খলনৰ ফলত বিধ্বস্ত হৈছে সেই পথসমূহো শীঘ্ৰে মেৰামতি কৰা হ'ব আৰু এই ঘাইপথটোত সৰু-ডাঙৰ সকলো বাহন চলাচলৰ বাবে উপযুক্ত কৰি তোলা হ'ব (Repairing of damaged highway in Dima Hasao will begin soon)। বাৰিষাৰ সময়ত এই ৰাষ্ট্ৰীয় ঘাইপথ সুচল কৰি ৰখাৰ বাবেও উপযুক্ত পদক্ষেপ ল'ব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ।

উল্লেখ্য যে শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ জাতিংগাৰ পৰা হাৰেংগাজাওলৈকে ২৫ কিলোমিটাৰ অংশৰ পথ মেৰামতিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৫৪ কোটি টকাৰ মঞ্জুৰী দিছিল আৰু এই মেৰামতিৰ কামৰ দায়িত্ব দিয়া হৈছিল ৰত্না ইনফ্ৰা লিমিটেড কোম্পানীক আৰু ৰত্না ইনফ্ৰা নামৰ কোম্পানীটোয়ে এই কাম ঠিকা ভিত্তিত শিলচৰৰ লক্ষ্মী মটৰচ নামৰ কোম্পানীক দিছিল কিন্তু ৰত্না ইনফ্ৰা কোম্পানীয়ে এই পথ মেৰামতিৰ কামত ব্যৰ্থ হোৱাৰ বাবে এই নিৰ্মাণ কোম্পানীৰ ঠিকা বাতিল কৰা হৈছে বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ মুখ্য মহাপ্ৰৱন্ধক এল পি পাধিয়ে ।

লগতে পঢ়ক :জৰুৰী অৱস্থাৰ বাবে মুকলি মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.