ETV Bharat / state

Chief Ministers Relief Fund: ডিমা হাছাওত বিত্তীয় সাহায্য বিতৰণ মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ

author img

By

Published : Mar 9, 2023, 9:14 PM IST

Chief Ministers Relief Fund
বিত্তীয় সাহায্য বিতৰণ

ডিমা হাছাও জিলাত মুখ্যমন্ত্ৰী ত্ৰাণ তহবিলৰ অধীনত বিত্তীয় সাহায্য বিতৰণ মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ (Minister Nandita Garlosa Disbursed Financial Assistance) । অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, ডিমা হাছাও জিলাৰ উপায়ুক্ত সীমান্ত কুমাৰ দাসকে ধৰি বিভিন্ন গণ্য-মান্য ব্যক্তি ।

হাফলং, 9 মাৰ্চ : মুখ্যমন্ত্ৰী ত্ৰাণ তহবিলৰ অধীনত ডিমা হাছাও জিলাত হিতাধিকাৰীক বিত্তীয় সাহায্য প্ৰদান কৰে ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই (Minister Nandita Garlosa Disbursed Financial Assistance) । বৃহস্পতিবাৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে এই বিত্তীয় সাহায্য প্ৰদান কৰে ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই (Financial Aids disbursed in Dima Hasao) ।

এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা (NCHAC CE member Devlal Garlosa), ডিমা হাছাও জিলাৰ উপায়ুক্ত সীমান্ত কুমাৰ দাস, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য নিপোলাল হোজাই, নজিত কেম্প্ৰাই, বিজিত লাংথাচা আদিকে কৰি বহু বিশিষ্ট ব্যক্তি (Chief Ministers Relief Fund) ।

16 নম্বৰ হাফলং উপজাতি সংৰক্ষিত বিধানসভা সমষ্টিৰ 417 গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্ৰী ত্ৰাণ তহবিলৰ অধীনত প্ৰথম কিস্তিৰ বিত্তীয় সাহায্য তুলি দিয়ে ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা তথা জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাসে ।

ইয়াৰ উপৰি জটিল ৰোগত আক্ৰান্ত 17 গৰাকী হিতাধিকাৰীক চিকিৎসাৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা হয় । ইপিনে অনুষ্ঠানত উপস্থিত থাকি শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই কয় যে, পূৰ্বতকৈ এইবাৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি হৈছে । তেওঁ কয় যে, জটিল ৰোগত আক্ৰান্ত 17 গৰাকী হিতাধিকাৰীক চিকিৎসাৰ বাবে এই প্ৰকল্পৰ অধীনত বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে । ইয়াৰ উপৰি জিলাখনৰ টেকনিকেল (Technical) আৰু নন-টেকনিকেল (Non-Technical) বিষয়ৰ ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ বাবে এই প্ৰকল্পৰ অধীনত প্ৰথম কিস্তিৰ বিত্তীয় সাহায্য প্ৰদান কৰা হয় ।

কিছুদিনৰ ভিতৰত দ্বিতীয় কিস্তিৰ বিত্তীয় সাহায্য হিতাধিকাৰীৰ বেংক একাউণ্টত জমা দিয়া হ'ব বুলিও তেওঁ কয় । বৃহস্পতিবাৰৰ অনুষ্ঠানত মন্ত্ৰী নন্দিতা গাৰ্লোচাই ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকতাক পেচা হিচাপে লোৱাৰ বাবে আহ্বান জনাই কয়, ৰাজ্যৰ দুখন পাহাৰীয়া জিলাত সহস্ৰাধিক শিক্ষকৰ পদ খালী পৰি আছে । প্ৰাৰ্থীৰ অভাৱত খালী হৈ থকা পদসমূহত নিযুক্তি দিয়াটো সম্ভৱ হোৱা নাই বুলি মন্ত্যব কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই ।

আনহাতে, ডিমা হাছাও জিলাত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাত উদ্বেগ প্ৰকাশ কৰি তেওঁ হাফলং চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ মুধুমিতা দাওলাগাপুক কিয় এই কৰ্কট ৰোগ পাহাৰীয়া জিলাখনত বৃদ্ধি হৈছে তাৰ সমীক্ষাৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :Erosion in Dibrugarh: ডিব্ৰুগড়ত গৰা খহনীয়া পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.