ETV Bharat / state

Lumding-Badarpur railway service resume: দুমাহ পিছত লামডিং-বদৰপুৰ ৰেলপথত ৰে’লযাত্ৰা

author img

By

Published : Jul 13, 2022, 1:56 PM IST

অৱশেষত দুমাহ পিছত লামডিং-বদৰপুৰ-আগৰতলা ব্ৰডগজ ৰে’লপথত আংশিকভাৱে ৰে’লসেৱা আৰম্ভ ৷ বুধবাৰে লামডিঙৰ পৰা এখন চেনীভৰ্তি এই ৰে’লপথটোৰে ৰে’ল বদৰপুৰ অভিমুখে যাত্ৰা কৰে (Lumding-Badarpur railway service resume) ৷

lamding-badarpur-agartala-broad-gauge-railway-line-is-open-for-freight-trains
দুমাহ পিছত আৰম্ভ হ’ল লামডিং-বদৰপুৰ ব্ৰড’গজ ৰেলপথত ৰে’লযাত্ৰা

ডিমা হাছাও, 13 জুন: অৱশেষত দুমাহ পিছত লামডিং-বদৰপুৰ-আগৰতলা ব্ৰডগজ ৰে’লপথত আংশিকভাৱে ৰে’লসেৱা স্বাভাৱিক হৈ উঠিছে ৷ বুধবাৰে লামডিঙৰ পৰা এখন চেনীভৰ্তি ৰে’ল বদৰপুৰ অভিমুখে এই ৰে’লপথটোৰে যাত্ৰা কৰে বুলি উত্তৰ পূৱ সীমান্ত ৰেল কৰ্তৃপক্ষই জানিব দিয়ে (Lumding-Badarpur railway service resume) ৷

উল্লেখ্য যে, বছৰৰ প্ৰথম আৰু দ্বিতীয় বান আৰু ভুমিস্খলনে ডিমা হাছাও (Dima Hasao District) জিলাত চলোৱা ধ্বংসলীলাৰ ফলত একপ্ৰকাৰ তচ-নচ গৈ গৈছিল পাহাৰীয়া জিলাখনৰ যোগাযোগ ব্যৱস্থাকে ধৰি আন্তঃগাঁথনি । ৰে'ল যোগাযোগ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্যবোৰলৈও যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছিল ।

দুমাহ পিছত আৰম্ভ হ’ল লামডিং-বদৰপুৰ ব্ৰড’গজ ৰেলপথত ৰে’লযাত্ৰা

তাৰ মাজতে ৰে'ল বিভাগে যুদ্ধকালীন গতিৰে কাম কৰি লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথৰ বান্দৰখালৰ পৰা নিউ হাফলঙলৈকে ৰে'লপথটোৰ মেৰামতি কৰে ৷ তথাপিও এই পৰ্যন্তও বিপদজনক অৱস্থাতে আছে এই ৰে’লপথটো ৷ সেয়ে 22 জুলাইৰ পৰাহে লামডিং-বদৰপুৰ-আগৰতলা ব্ৰডগজ ৰেলপথত যাত্ৰীবাহী ৰে’ল চলাচল হ’ব (Passenger train service is likely to start from 22nd August) ৷

অৱশ্যে, 13 জুলাইৰ পৰা 21 জুলাইলৈকে মালবাহী ৰে’লহে চলিব লামডিং-বদৰপুৰ-আগৰতলা ব্ৰ’ডগজ ৰে’লপথটোত (Lamding Badarpur Agartala Broad gauge railway line) ৷ ইতিমধ্যে IRCTCয়ে 22 জুলাইত শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ আৰু শিলচৰ-চিয়ালদাহ কাঞ্চনজঙ্ঘা এক্সপ্ৰেছৰ আসন সংৰক্ষণ খুলি দিছে ৷

ইপিনে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ বিষয়া জি এম আনচুল গুপ্তাই বিগত 12 জুলাইৰ পৰা লামডিং বদৰপুৰ ব্ৰ’ডগজ ৰে’লপথত ৰেল সেৱা পুনৰ আৰম্ভ কৰাৰ লক্ষ্যৰে উত্তৰ পূৱ সীমান্ত ৰেল কৰ্তৃপক্ষই মেৰামতিৰ কাম কৰিছিল বুলি মন্তব্য কৰিছিল ৷ উল্লেখ্য যে, ডিমা হাছাও জিলাৰ লামডিং-ব্ৰডগজ ৰে’লপথত ভূমিস্খলন আৰু বানৰ তাণ্ডৱৰ ফলত প্ৰায় 85 কিলোমিটাৰ ৰে’লপথ ক্ষতিগ্ৰস্থ হৈছিল ৷

লগতে পঢ়ক: Water resources department is in hurry: 15 দিনত সম্পূৰ্ণ হ’ব বৰলীয়া নৈৰ ৰিং বান্ধ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.