ETV Bharat / state

ডিমা হাছাও জিলাত ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা হ'লগৈ 137

author img

By

Published : Jul 16, 2020, 2:52 PM IST

in dima hasao covid-19 patients increase up to 137
ডিমা হাছাও জিলাত ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা হ'লগৈ 137

ডিমা হাছাও জিলাত ক'ভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈ হৈছেহি 137 জন। বৃহস্পতিবাৰে পুনৰ দুগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিল ক'ভিড-19ৰ ভাইৰাছ । কলকাতা আৰু হায়দাৰাবাদৰ পৰা অহা এই দুগৰাকী ব্যক্তি আছিলহি হাফলং চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ।

ডিমা হাছাও, 16 জুলাই: মহামাৰী ক'ৰণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পাহাৰীয়া জিলখনত প্ৰশাসনৰ নিৰ্দেশনাত বৰ্তমানেও চলি আছে 14 দিনৰ লক ডাউন । এই লক ডাউনৰ সময়চোৱাতো জিলাখনত 8গৰাকী ব্যক্তি ক'ভিড-19 ত আক্ৰান্ত হৈছে । অৱশ্যে আক্ৰান্ত আটাইকেইজন হোম কোৱাৰেণ্টাইন আৰু চৰকাৰী কোৱাৰেণ্টাইন কেন্দ্ৰত থকা ব্যক্তি ।

in dima hasao covid-19 patients increase up to 137
ডিমা হাছাও জিলাত ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা হ'লগৈ 137

জিলাখনৰ স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা তথ্য মতে ডিমা হাছাও জিলাত ক'ভিড-19ত আক্ৰান্ত সৰ্বমুঠ 137গৰাকী ব্যক্তিৰ 126গৰাকী ইতিমধ্যে আৰোগ্য লাভ কৰি ঘৰলৈ উভতি গৈছে । 11 গৰাকী ৰোগী বৰ্তমানেও হাফলং অসামৰিক চিকিৎসালয়ৰ আইচলেচন ৱাৰ্ডত চিকিৎসাধীন হৈ আছে । ইয়াৰ উপৰি ছয়শৰো অধিক ব্যক্তিৰ চোৱাব টেষ্টৰ ফলাফল আহিবলৈ বাকী আছে বুলি জনালে জিলাখনৰ স্বাস্থ্য বিভাগে ।

লগতে চাওকঃ অসম-বাংলাদেশ সীমান্তত ৰাইজে জ্বলালে গৰু চোৰৰ বাইক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.