ETV Bharat / state

Hailstorm in Dima Hasao : ধুমুহা আৰু শিলবৃষ্টিৰ ফলত উমৰাংচ’ত 35 খন গাঁও ক্ষতিগ্ৰস্ত

author img

By

Published : Mar 19, 2023, 8:17 PM IST

Hailstorm in Dima Hasao
উমৰাংচ’ত শিলাবৰ্ষণত বহুলোক গৃহহীন হৈ পৰিছে

ধুমুহা আৰু শিলবৃষ্টিয়ে জোকাৰিছে এতিয়া ৰাজ্য ৷ বিশেষকৈ শনিবাৰৰ পৰা ডিমা হাছাও জিলাত হৈ আছে প্ৰচণ্ড ধুমুহা আৰু শিলবৃষ্টি (Heavy rain and hailstorm in Dima Hasao)৷ যাৰবাবে ব্যাহত হৈ পৰিছে জন-জীৱন ৷ তথ্য অনুসৰি, ধুমুহা আৰু শিলবৃষ্টিৰ ফলত উমৰাংচ’ত 35 খনকৈ গাঁও ক্ষতিগ্ৰস্ত হৈছে ৷

ডিমা হাছাও, 19 মাৰ্চ : আকৌ ধুমুহা আৰু শিলবৃষ্টিয়ে জোকাৰি গ’ল ডিমা হাছাও নগৰী (Heavy rain and hailstorm in Dima Hasao)৷ শনিবাৰে হোৱা ধুমুহা আৰু শিলবৃষ্টিৰ ফলত উমৰাংচ’ সাংবাৰ ৰাজহ চক্ৰৰ 35 খন গাঁৱৰ মুঠ 742 পৰিয়াল ব্যাপকভাৱে ক্ষয়-ক্ষতিৰ সন্মুখীন হ’ব লগাত পৰিছিল । কেৱল শনিবাৰেই নহয় দেওবাৰেও জিলাখনত প্ৰৱল বৃষ্টিপাত আৰু শিলাবৰ্ষণ হয় ৷

এই শিলাবৰ্ষণত বহুলোক গৃহহীন হৈ পৰে(Heavy rain and hailstorm disrupt lives in Dima Hasao) ৷ আনকি কেবাটাও পৰিয়ালৰ ঘৰ সম্পূৰ্ণ ৰূপত বিধ্বস্ত হোৱা বুলি জানিব পৰা গৈছে । যাৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাই এতিয়া আশ্ৰয় ল’ব লগাত পৰিছে আশ্ৰয় শিবিৰত ।

Hailstorm in Dima Hasao
উমৰাংচ’ত শিলাবৰ্ষণত বহুলোক গৃহহীন হৈ পৰিছে

তথ্য অনুসৰি, এই ধুমুহা আৰু শিলবৃষ্টিৰ ফলত উমৰাংচ’ বিদ্যুৎ বিভাগত ব্যাপক ক্ষয়ক্ষতি হয় ৷ যাৰ বাবে উমৰাংচ’ এলেকাত বিদ্যুত সেৱা সম্পূৰ্ণ ৰূপে বিধ্বস্ত হৈ পৰিছে । ইপিনে দেওবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচা আৰু ভূমি ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া কৰ্মীৰ এটা দল উপস্থিত হয় উমৰাংচ’ত (Debolal Gorlosa visits in Dima Hasao) ৷

লগতে পঢ়ক : Historycal Samdhora Garh : অস্তিত্বৰ সংকটত অসমৰ চীনৰ প্ৰাচীৰ স্বৰূপ চামধৰা গড়

পাৰ্বত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে উমৰাংচ’ৰ ক্ষতিগ্ৰস্ত বিভিন্ন গাঁওসমূহ পৰিদৰ্শন কৰে আৰু এই দলটোৱে ডিমা হাছাও নগৰীত ধুমুহা আৰু শিলবৃষ্টিৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণো বুজ লয় ৷ ইয়াৰ উপৰিও পাৰ্বত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সাক্ষাৎ কৰে ক্ষতিগ্ৰস্ত পৰিয়ালক ৷ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক উচিত ক্ষতিপূৰণ প্ৰদানৰো আশ্বাস দিয়ে ।

উল্লেখ্য যে, বিগত বছৰেও ডিমা হাছাও জিলাখনত এনেধৰণৰ ধাৰাষাৰ বৰষুণ হৈছিল ৷ ফলত পাহাৰীয়া জিলাখন প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিছিল । ইপিনে, উমৰাংচ'ত ধুমুহা আৰু শিলাবৃষ্টিৰ তাণ্ডৱৰ ফলতে ব্যাপক ক্ষয়ক্ষতিও হৈছিল ৷

লগতে পঢ়ক : Storm in Dima Hasao:ডিমা হাছাওত প্ৰচণ্ড ধুমুহাত ব্য়াপক ক্ষতিসাধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.