storm in Dima Hasao:ডিমা হাছাওত প্ৰচণ্ড ধুমুহাত ব্য়াপক ক্ষতিসাধন
Published: Mar 18, 2023, 10:28 PM

হাফলং, ১৮ মাৰ্চ: ডিমা হাছাও জিলাত শনিবাৰে প্ৰচণ্ড ধুমুহা আৰু শিলবৃষ্টিত ব্যাপক ক্ষতিসাধন হয় । অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংচ'ত বহু লোকৰ ঘৰৰ ক্ষতি হয় (Severe storm in Dima Hasao)। শনিবাৰে দিনৰ ২:৩০ বজাত উমৰাংচ'ত ধুমহা আৰু বৰষুণৰ লগতে প্ৰকাণ্ড শিল পৰাত বহু লোকৰ ঘৰৰ টিনপাতৰ ব্যাপক ক্ষতি হয় । শিলবৰ্ষণত বহুলোক গৃহহীন হৈ পৰে ।
যোৱা বছৰ ডিমা হাছাও জিলাত এনে বৰষুণৰ ফলত পাহাৰীয়া জিলাখন প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিছিল । ইপিনে, উমৰাংচ'ত ধুমুহা আৰু শিলৰ তাণ্ডৱৰ পিছতে ব্যাপক ক্ষয়ক্ষতি হোৱাৰ বাতৰি জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ প্ৰশমন বিভাগে লাভ কৰাত জিলা উপায়ুক্ত তথা দুৰ্যোগ প্ৰশমন বিভাগৰ অধ্যক্ষ সীমান্ত কুমাৰ দাসে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি বিভাগৰ বিষয়া-কৰ্মীসকলক উমৰাংচ'লৈ যাবলৈ নিৰ্দেশ দিয়ে (District Disaster Management Department )।