ETV Bharat / state

ডিমা হাছাওত বানসাহায্য প্ৰদান আৰু অৰুণোদয় মাহৰ শুভাৰম্ভণি

author img

By

Published : Aug 20, 2022, 6:12 PM IST

শনিবাৰে ডিমা হাছাওত বান ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য বিতৰণ আৰু অৰুণোদয় মাহ উদযাপনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় (Flood relief distributed in Dima Hasao) । ডিমা হাছাও জিলাত প্ৰলয়ঙ্কৰী বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক শনিবাৰে চৰকাৰী সাহায্য প্ৰদান কৰা হয় ।

Dima Hasao
Dima Hasao

ডিমা হাছাও, 20 আগষ্ট : শনিবাৰে ডিমা হাছাওত বান ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য বিতৰণ আৰু অৰুণোদয় মাহ উদযাপনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় (Flood relief distributed in Dima Hasao) । ডিমা হাছাও জিলাত প্ৰলয়ঙ্কৰী বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক শনিবাৰে চৰকাৰী সাহায্য প্ৰদান কৰা হয় । ইয়াৰ লগতে ফ্লেগ অফ কৰি অৰুণোদয় মাহৰ সূচনা কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই (Arunodaya month inaugurated by CEM Devlal in Dima Hasao) ।

শনিবাৰে জিলা দুৰ্যোগ প্ৰশমন বিভাগ আৰু ডিমা হাছাও জিলা প্ৰশাসনে হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এক অনুষ্ঠানৰ আয়োজন কৰি যোৱা মে' মাহত ধাৰাষাৰ বৰষুণৰ ফলত ডিমা হাছাও জিলা প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰে আৰু ভূমিস্খলন আৰু বানৰ কবলত পৰি পাহাৰীয়া জিলাখনৰ বহু লোকে ঘৰ-বাৰী হেৰুৱাবলগা হয় । শনিবাৰে এইসকল ক্ষতিগ্ৰস্ত পৰিয়ালক ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিত্তীয় সাহায্য প্ৰদান কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই (CEM of North Cachar Hill Autonomous Council Devlal Garlosa) ।

ডিমা হাছাওত বানসাহায্য প্ৰদান আৰু অৰুণোদয় মাহৰ শুভাৰম্ভণি

আজিৰ উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ খনি আৰু খনিজ বিভাগৰ অতিৰিক্ত সচিব অৰ্পণ কুমাৰ শইকীয়া, উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা, ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদ আৰু আৰক্ষী অধীক্ষক ময়ঙ্ক কুমাৰ ।

উল্লেখ্য, চলিত বছৰৰ দুটাকৈ বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক ৰাজ্য চৰকাৰে শনিবাৰে বেংকৰ জৰিয়তে ক্ষতিপূৰণৰ ধন মোকলাই দিয়ে । ৰাজ্যৰ সংশ্লিষ্ট জিলাসমূহত ৰাজ্য চৰকাৰৰ দায়িত্ববাহী মন্ত্ৰীসকল উপস্থিত হৈ জিলাসমূহৰ বানত ঘৰ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক বেংকৰ জৰিয়তে হিতাধিকাৰীৰ বেংক একাউন্টত ক্ষতিপূৰণৰ ধন মোকলাই দিয়ে ।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ জনতা ভৱনত বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক বেংকৰ জৰিয়তে হিতাধিকাৰীৰ বেংক একাউণ্টত ক্ষতিপূৰণৰ ধন মোকলাই দিয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (Assam CM launches relief fund for flood victims)।

ৰাজ্যৰ জিলা উপায়ুক্তসকল আৰু বিভাগীয় মন্ত্ৰীসকলে প্ৰকাশ কৰা তথ্যৰ ভিত্তিত বানপানীত ক্ষতিগ্ৰস্তৰ চূড়ান্ত প্ৰতিবেদনৰ তথ্য সদৰী কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে চলিত বছৰৰ দুটাকৈ বানত ২ লাখ ৪ হাজাৰ ৩৪৮ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে (Flood affects Assam)।

এই ক্ষতিগ্ৰস্ত ঘৰবোৰৰ ভিতৰত ৫১৮৫ টা ঘৰ সম্পূৰ্ণ বানপানীত জাহ গৈছে (Houses fully damaged in floods)। আনহাতে, ৩৪ হাজাৰ ৯২৪ টা পকী, ১ লাখ ৫৩ হাজাৰ ৩২৬ টা কেঁচা ঘৰ, ৩২৮৭ টা জুপুৰী ঘৰ আৰু ৭ হাজাৰ ৬২৬ টা পশুগৃহ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বানত ক্ষতিগ্ৰস্ত লোকৰ বাবে সাহাৰ্য পুঁজি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.