ETV Bharat / state

Heavy Rain in Dima Hasao : ডিমা হাছাওত ৰুষ্ট হৈ পৰিছে প্ৰকৃতি

author img

By

Published : Jun 21, 2023, 6:21 PM IST

Dima hasao silchar road connectivity disrupted
কালভাৰ্ট ভাঙি হাফলং শিলচৰৰ মাজত যাতায়ত বন্ধ

ৰুষ্ট হৈ পৰিছে প্ৰকৃতি ৷ ধাৰাষাৰ বৰষুণত স্তবদ্ধ ডিমা হাছাওত জিলা ৷ হাফলং-শিলচৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ভাগিল কালভাৰ্ট ৷ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যানবাহন চলাচল সাময়িক ভাবে বন্ধ ৷

Dima hasao silchar road connectivity disrupted
কালভাৰ্ট ভাঙি হাফলং শিলচৰৰ মাজত যাতায়ত বন্ধ

হাফলং,21 জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ধাৰাষাৰ বৰষুণ ৷ উজনিৰ পৰা নামনিলৈকে বানৰ সংহাৰী ৰূপ ৷ ঠায়ে ঠায়ে ছিগিছে মথাউৰি ৷ উফণ্ডি উঠিছে ব্ৰহ্মপুত্ৰকে আদি কৰি অসমৰ প্ৰায়কেইখন নৈ-উপনৈৰ পানী ৷ নামনি অসমৰ প্ৰায় ডেৰ শতাধিক গাঁও বানৰ কবলত ৷ ডুব গৈছে শ শ কৃষিভূমি ৷ হাহাকাৰ পৰিৱেশ জীৱকূলৰ ৷

চাওঁক কিমান ভয়ংকৰ এই দৃশ্য ! খহি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজ অংশ ৷ এই দৃশ্য ডিমা হাছাওৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৷ আকৌ ডিমা হাছাওত দুৰ্যোগ আহিব নেকি ! বিগত বৰ্ষত পাহাৰীয়া জিলাত ডিমা হাছাওত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে কোনেও পাহৰিব পৰা নাই ৷ পুনৰ তেনে প্ৰাকৃতিক দুৰ্যোগ আহিব নেকি জিলাখনত তাৰ আশংকাত ভুগিছে ৰাইজ ! কিয়নো ধাৰাষাৰ বৰষুণৰ বাবে স্তব্ধ হৈ পৰিছে পাহাৰীয়া জিলা ডিমা হাছাও ৷ ঠায়ে ঠায়ে ভূমিস্খলন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

ধাৰাষাৰ বৰষুণৰ ফলতে হাফলং আৰু নিম্ন হাফলংৰ মাজৰ সংযোগী পথটো বন্ধ হৈ পৰিছে । জিলাখনত মুষলধাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীৰ প্ৰবল সোঁতত পথটোৰ বৃহৎ অংশ ক্ষতিগ্ৰস্থ হৈছে ৷ ফলত হাফলং লোকনিৰ্মাণ বিভাগে পথটোছোৱা সাময়িক ভাবে বন্ধ কৰি দিয়াত হাফলং-দিয়ুংমুখ-লংকা-উমৰাংচো লগতে হাফলংৰ সৈতে যোগাযোগ বিছিন্ন হৈ পৰে ৷

ইফালে বুধবাৰে হাফলং-শিলচৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দিমৰুচৰা আৰু জালাইদিছাৰ মাজত থকা এখন কালভাৰ্ট ভাঙি পৰে ৷ ফলত ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে । আনহাতে ঘাইপথ চোৱাৰ এটা অংশ পাহাৰৰ পৰা নামি অহা পানীৰ প্ৰবল সোঁতত সম্পূৰ্ণ ৰূপে ভাঙি পৰাত এখন ট্ৰাক বাগৰি পৰে । যাৰ ফলত হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত যানবাহন বৰ্তমান চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে ।

প্ৰাকৃতি দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ জিলাখনৰ প্ৰশাসন আৰু উদ্ধাৰকাৰী দল ইতিমধ্যে সাজু হৈছে ৷

লগতে পঢ়ক:Bhupen Barah: এইখন খচৰা মতে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে কান্দিব লাগিব বিজেপি আৰ এছ এছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.