ETV Bharat / state

Bhupen Barah: এইখন খচৰা মতে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে কান্দিব লাগিব বিজেপি আৰ এছ এছে

author img

By

Published : Jun 21, 2023, 4:02 PM IST

Updated : Jun 21, 2023, 4:21 PM IST

সদ্য প্ৰকাশিত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷ জাতীয় স্বাৰ্থৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাৰ কেইজনমান অনুগামীৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত এই খচৰা প্ৰকাশ কৰা বুলি অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ৷

Assam constituency delimitation
ECI published constituency delimitation draft

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 21 জুন: সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ভাৰতৰ নিৰ্বাচন আয়োগে মঙলবাৰে সন্ধিয়া প্ৰকাশ কৰে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ ৷ এই খচৰা সন্দৰ্ভত পৰামৰ্শ আৰু আপত্তি দৰ্শোৱাৰ সময় সীমা বান্ধি দিয়া হৈছে অহা ১১ জুলাইলৈকে ৷ খচৰা সন্দৰ্ভত অসমৰ দল-সংগঠনকে ধৰি আন অংশীদাৰ সকলৰ পৰা ৰাজহুৱা শুনানি গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে ৷

শুনানিৰ বাবে জুলাই মাহত পুনৰ অসম ভ্ৰমণলৈ আহিব ভাৰতৰ নিৰ্বাচন আয়োগৰ দল । নিৰ্বাচন আয়োগে মঙলবাৰে সন্ধিয়া খচৰা প্ৰস্তাৱ প্ৰকাশ কৰাৰ পিচতে বিভিন্ন ৰাজনৈতিক দল সংগঠনসমূহে নিজৰ মতামত আগবঢ়াইছে । এই সম্পৰ্কত বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ঘোৰামাৰা স্থিত নিজ বাসগৃহত এক সংবাদমেল সম্বোধন কৰি মতামত আগবঢ়াই ।

তেওঁ কয়, ‘‘খচৰাক লৈ কংগ্ৰেছ দলৰ কোনো আপত্তি নাই । সমষ্টি পুনঃ নিৰ্ধাৰণ সন্দৰ্ভত অহা 27 জুনত কংগ্ৰেছৰ Political Affairs Team ৰ বিশেষ বৈঠক অনুষ্ঠিত হ’ব । কেৱল আমি চিন্তিত যে খচৰাখন BJP ৰ হেঁচাত নিৰ্বাচন আয়োগে ততাতৈয়াকৈ প্ৰকাশ কৰিলে । এই প্ৰক্ৰিয়াটো জাতীয় স্বাৰ্থত নহয় ৷ হিমন্ত বিশ্ব শৰ্মাৰ দুই চাৰিজন অনুগামীৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ এই তৎপৰতা ।’’

লগতে পঢ়ক: Minister Pijush Hazarika in Diphu: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰাসকলক অসমৰ বদন আখ্যা মন্ত্ৰী পীযুষ হাজৰীকাৰ

ভূপেন বৰাই লগতে কয় যে, ‘‘সেইদিনা অসমৰ মুখ্যমন্ত্ৰীয়ে হঠাৎ কেবিনেট পাতি বিলুপ্ত কৰিলে 4 খন জিলা, ঋণ লৈ আজি চৰকাৰ চলাব লগীয়া অৱস্থা অসমৰ । এই খচৰা কোনো খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে নহয় । যিকেইজন সাংসদ, বিধায়কে তেওঁৰ অনুগামী হৈ কাম কৰি আছে, কেৱল তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা চিন্তা কৰি এই খচৰা অহা হৈছে ।’’

NRC ৰ বিষয়টো অসমত কিয় তল পৰিল পৰিল বুল প্ৰশ্ন উত্থাপন কৰি এই সন্দৰ্ভত কংগ্ৰেছৰ আপত্তি থকা বুলি ভূপেন বৰাই উল্লেখ কৰে । তেওঁ আৰু কয়, ‘‘এই খচৰাত BJP সুৰক্ষিত নহয় । বিৰোধীয়ে আমি 14 টা সমষ্টি টাৰ্গেট কৰিছোঁ ৷ ইয়াৰে 5 টাত এই খচৰাৰ জৰিয়তে কংগ্ৰেছে WALKOVER পালেই ।’’

লগতে সভাপতি গৰাকীয়ে কয় যে, গৌৰৱ গগৈ আজি অসমৰ জাতীয় নায়ক । তেওঁৰ কথা কংগ্ৰেছ দলে চিন্তা কৰিব । গৌৰৱ গগৈৰ গতি BJP য়ে ৰুদ্ধ কৰিব নোৱাৰে । এতিয়া নিৰ্বাচন আয়োগ আকৌ আহিলে কংগ্ৰেছে আলোচনা কৰিব । নিৰ্বাচন আয়োগে BJP ৰ এজেন্ট হৈ কাম কৰিছে বুলি বিস্ফোৰক অভিযোগ তুলিছে ভূপেন বৰাই । অন্তত তেওঁ পুনৰ এবাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কয় যে, গুৱাহাটীৰ পৰা নহয় জালুকবাৰীৰ পৰাহে খেলা কথা ভাবিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: Constituency delimitation: নিৰ্বাচন আয়োগৰ খচৰাত ৰাজ্যৰ ১৪টা লোকসভাৰ সমষ্টিৰ ৰূপৰেখা

Last Updated :Jun 21, 2023, 4:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.