ETV Bharat / state

Minister Pijush Hazarika in Diphu: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰাসকলক অসমৰ বদন আখ্যা মন্ত্ৰী পীযুষ হাজৰীকাৰ

author img

By

Published : Jun 21, 2023, 1:14 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণে অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰিব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

Minister Pijush Hazarika in Diphu
ডিফুত মন্ত্ৰী পীযুষ হাজৰীকা

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰীকাৰ

ডিফু, 21জুন: নিৰ্বাচন আয়োগে মঙলবাৰে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ সন্দৰ্ভত শাসক-বিৰোধী উভয়েই ব্যক্ত কৰিছে প্ৰতিক্ৰিয়াৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ ডিফুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্য চৰকাৰৰ দায়িত্বশীল মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখন ভালদৰে পঢ়া নাই যদিও এই সমষ্টি পুনৰ নিৰ্ধাৰণে অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰিব ৷ কাৰ্বি আংলং, গুৱাহাটী, কোকৰাঝাৰ, ধেমাজি, লক্ষীমপুৰ, তিনিচুকীয়াত এখনকৈ আসন বৃদ্ধি পোৱাটোৱে অসমক ভালপোৱা সকল আৰু শ শ বছৰ ধৰি বসবাস কৰা খিলঞ্জীয়া সকলৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত হোৱাটো বুজায় বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷

তেওঁ আৰু কয় যে, কাৰ্বি আংলং আৰু বিটিচিত এখনকৈ আসন বৃদ্ধি পোৱা মানে ট্ৰাইবেলসকলৰ স্বাৰ্থ সুৰক্ষিত হোৱা, গুৱাহাটী, তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰত আসন বৃদ্ধি পোৱা মানে আহোম সকলৰ স্বাৰ্থ সুনিশ্চিত হোৱা বুজায় ৷ ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো ভাৰতৰ নিৰ্বাচন আয়োগে কাৰিকৰী দিশ সমূহ চালি জাৰি চাইহে কৰিছে, তেনে ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ ওপৰত মন্তব্য কৰিব নোৱাৰি ৷ লগতে কংগ্ৰেছে বিষয়টো বিচাৰাধীন বুলি কৈ নিজকে ডাঙৰ উকিল বুলি জাহিৰ কৰিব খুজিছে নেকি বুলি প্ৰশ্ন কৰে মন্ত্ৰীজনে ৷

মন্ত্ৰী গৰাকীয়ে কয় যে, একাংশ অসমক ভাল নোপোৱা নতুন আৰু আধুনিক বদনে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰাৰ লগতে ন্যায়ালয়ত গোচৰ তৰিছে ৷ নিৰ্বাচন আয়োগে নিশ্চয় সকলো দিশ ভালদৰে চাইহে এই খচৰা প্ৰকাশ কৰিছে ৷ গতিকে বিষয়টো বিচৰাধীন হ’লেও ডিলিমেটেশ্যনৰ ওপৰত প্ৰভাৱ নপৰে বুলি মন্তব্য কৰে তেওঁ ৷ আনহাতে কংগ্ৰেছ দলক কটাক্ষ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছে আধুনিক বদন সকলৰ লগত লগ লাগি ডিলিমিটেশ্যন প্ৰক্ৰিয়াৰ বিৰোধিতা কৰিছে; সেয়ে কংগ্ৰেছ দলো আধুনিক বদন ৷

লগতে পঢ়ক: Delimitation Exercise in Assam: বিজেপিৰ একাংশৰ পাখি কটাৰ উদ্দেশ্যে প্ৰস্তুত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা; ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.