ETV Bharat / state

লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত আৰম্ভ ৰে’লৰ চলাচল

author img

By

Published : Jun 18, 2020, 6:11 PM IST

ভূমিস্খলনৰ বাবে প্ৰায় ওঠৰ দিনে বন্ধ হৈ আছিল লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথ ৷ বৃহস্পতিবাৰে এই পথ মুকলি কৰাৰ কথা প্ৰকাশ কৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন্দ্ৰ ভট্টাচাৰ্যই ৷ এই পথেৰে 22 জুনত আগৰতলাৰ পৰা আনন্দবিহাৰ অভিমুখে যাত্ৰা কৰিব ৰাজধানী এক্সপ্ৰেছে ৷

broad gauge train services start at lamding silchar way dima hasao assam etv bharat news
লামডিং শিলচৰ ব্ৰডগজ ৰে’লপথত আৰম্ভ ৰে’লৰ চলাচল

ডিমা হাছাও,18 জুন: প্ৰায় ওঠৰ দিনৰ অন্তত মুকলি হৈছে লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথ ৷ পাহাৰীয়া এলেকাটোৰ মুপা আৰু মাইবাঙৰ মাজত হোৱা ভূমিস্খলনৰ ফলত বিগত 1 জুনৰ পৰা ব্যাহত হৈ আছিল এই ৰে’লসেৱা । পুনৰ 22 জুনৰ পৰা ৰে’লপথটোৰে আৰম্ভ হ’ব যাত্ৰীবাহী ৰে’লৰ চলাচল ৷

লামডিং শিলচৰ ব্ৰডগজ ৰে’লপথত আৰম্ভ ৰে’লৰ চলাচল

ইফালে পথটোৰে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে মালবাহী ৰে’লৰ চলাচল ৷ এই বিষয়ে জানিবলৈ দিয়ে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন্দ্ৰ ভট্টাচাৰ্যই ৷ ৰে’লৱেৰ অভিযান্ত্ৰিক বিভাগৰ পৰা ট্ৰেক চাৰ্টিফিকেট দিয়াৰ পিছত বৃহস্পতিবাৰে বদৰপুৰৰ পৰা লামডিং অভিমুখী এখন মালবাহী ৰে’লে গতি কৰাৰ বিপৰীতে লামডিঙৰ পৰা এখন মালবাহী ৰে’ল বদৰপুৰ অভিমুখে আহে । তদুপৰি এই পথেৰে 22 জুনত আগৰতলাৰ পৰা আনন্দবিহাৰ অভিমুখে যাত্ৰা কৰিব ৰাজধানী এক্সপ্ৰেছে ৷

লগতে চাওকঃ জামুগুৰিহাটত প্ৰথমগৰাকী COVID 19 ত আক্ৰান্ত ৰোগী চিনাক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.