ETV Bharat / state

ASTC Bus Services : 7 ডিচেম্বৰৰ পৰা ডিমা হাছাওত নিয়মিত পৰিবহণ নিগমৰ বাছসেৱা

author img

By

Published : Dec 6, 2022, 1:52 PM IST

ASTC Bus Services
ASTC Bus Services

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ । ডিমা হাছাও জিলাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ পৰিসেৱা 7 ডিচেম্বৰৰ পৰা নিয়মিত হৈ উঠিব (ASTC bus services in Dima Hasao) । ইতিমধ্যে অসম ৰাজ্যিক পৰিবহণ নিগমে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে ।

ডিমা হাছাও, 6 ডিচেম্বৰ : ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ (ETV Bharat Assam) । ইটিভি ভাৰতত বাতৰি প্ৰকাশৰ পাচতেই ডিমা হাছাও জিলাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ পৰিসেৱা 7 ডিচেম্বৰৰ পৰা নিয়মীয়া কৰণৰ ব্যৱস্থা কৰা হৈছে (ASTC bus services in Dima Hasao) । ইতিমধ্যে অসম ৰাজ্যিক পৰিবহণ নিগমে (Assam State Transport Corporation) এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে ।

উক্ত নিৰ্দেশনাটোত কোৱা হৈছে যে মঙলবাৰৰ পৰা হাফলং-গুৱাহাটী-হাফলঙৰ মাজতে নিয়মীয়াকৈ প্ৰতিদিনে দুখন বাছ চলাচল কৰিব (Guwahati Haflong ASTC service) । লগতে হাফলং-ডিফু-হাফলঙৰ মাজতো এখন বাছ নিয়মিতভাৱে চলাচল কৰিব ।

উল্লেখ্য, বিগত 1 ডিচেম্বৰত ইটিভি ভাৰত অসমত ডিমা হাছাও জিলাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ পৰিসেৱা অচল হৈ পৰাৰ এক বাতৰি পৰিবেশন কৰা হৈছিল (ASTC bus service suspended in Dima Hasao) । উক্ত বাতৰিটো প্ৰকাশ হোৱাৰ পিছতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ফালৰ পৰা 7 ডিচেম্বৰৰ পৰা নিয়মিতভাৱে প্ৰতিদিনে হাফলং-গুৱাহাটী-হাফলঙৰ মাজত বাছ চলাচল কৰিব বুলি নিৰ্দেশনা জাৰি কৰে ।

উল্লেখযোগ্য যে ডিমা হাছাও জিলাৰ পৰা হাফলং-গুৱাহাটী-হাফলং আৰু হাফলং-ডিফু-হাফলঙৰ মাজত পূৰ্বৰে পৰা নিয়মিতভাৱে দুখন বাছ চলাচল কৰি আছিল । কিন্তু অসম ৰাজ্যিক পৰিবহণ নিগমে সময়ে সময়ে উক্ত বাছবিলাক ভাৰাত দিয়াৰ বাবে আৰু চৰকাৰী বিভিন্ন কামত অধিগ্ৰহণ কৰাৰ বাবে এই বাছ পৰিসেৱা অনিয়মিত হৈ পৰিছিল ।

তাকে লৈ ৰাইজৰ মাজত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছিল । যাৰ বাবে স্থানীয় ৰাইজে গুৱাহাটীস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালকলৈ এক লিখিত অভিযোগো প্ৰেৰণ কৰিছিল । কিন্তু যোৱা 1 ডিচেম্বৰত ইটিভি ভাৰত অসমত এই বাতৰিটো প্ৰকাশ হোৱাৰ পিছতেই অসম ৰাজ্যিক পৰিবহণ নিগমে উক্ত নিৰ্দেশনা জাৰি কৰে । যাৰ ফলত 7 ডিচেম্বৰৰ পৰা হাফলং-গুৱাহাটী-হাফলঙৰ মাজত বাছ পৰিসেৱা নিয়মিত হোৱাৰ লগতে সুচল হৈ উঠিব ।

উল্লেখ্য, অসম ৰাজ্যিক পৰিবহণ নিগমৰ ওপৰত সময়ে সময়ে বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছে । নিগমৰ অধীনস্থ বাছসমূহ নিয়মিতভাৱে চলাচল নকৰা, প্ৰয়োজনীয় স্থানত উক্ত বাছসেৱা উপলব্ধ নোহোৱা আদি অভিযোগসমূহ প্ৰায়ে শুনা যায় । তাৰ মাজতে অসম ৰাজ্যিক পৰিবহণ নিগমক আধুনিকীকৰণৰ নামত জধেমধে অত্যাধুনিক বিলাসী গাড়ী অত্যধিক মূল্যত ক্ৰয় কৰা আদি অভিযোগসমূহো আছে । আনহাতে, অসম ৰাজ্যিক পৰিবহণ নিগমক পুনৰুজ্জীৱিত কৰাৰ বিভিন্ন আঁচনিবোৰ বুমেৰাং হোৱাৰ বাবেও সমালোচিত হৈ আহিছে অসম ৰাজ্যিক পৰিবহণ নিগম ।

লগতে পঢ়ক :Gauhati University: সলনি কৰা‌ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ তাৰিখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.