ETV Bharat / state

Brahmaputra utsav 2021: বৰ্ণাধ্য কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

author img

By

Published : Dec 17, 2021, 9:26 PM IST

water-resource-minister-pizush-hazarika-in-brahmaputra-utsav
Brahmaputra utsav 2021: বৰ্ণাধ্য কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী পিযুষ হাজৰিকাৰ

ভাৰতবৰ্ষৰ নদী সভ্যতা সুৰক্ষিত কৰাৰ অৰ্থে বৰ্ণাধ্য কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ ব্ৰক্ষ্মপুত্ৰ নদীৰ পাৰত অনুষ্ঠিত হ'ল ব্ৰক্ষ্মপুত্ৰ উৎসৱ ২০২১ ৷ অনুষ্ঠানত অংশগ্ৰহণ জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ (Minister Pizush Hazarika in Brahmaputra utsav) ৷

মৰাণ, 17 ডিচেম্বৰ : ভাৰত চৰকাৰৰ নদী উৎসৱ(River festival by Indian government)ৰ লগত সংগতি ৰাখি ডিব্ৰুগড়তো উদযাপন কৰা হৈছে ব্ৰক্ষ্মপুত্ৰ উৎসৱ ২০২১ (Brahmaputra utsav 2021) কাৰ্যসূচী । শুকুৰবাৰে এই অনুষ্ঠানত অংশগ্ৰহণ জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা(Water resource minister Pizush Hazarika), বিধায়ক প্ৰশান্ত ফুকন, বিধায়ক বিনোদ হাজৰিকা আৰু বিধায়ক পোনাকন বৰুৱাৰ । ভাৰতবৰ্ষৰ নদী সভ্যতা সুৰক্ষিত কৰাৰ অৰ্থে বৰ্নাধ্য কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ ব্ৰক্ষ্মপুত্ৰ নদীৰ পাৰত বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈছে ব্ৰক্ষ্মপুত্ৰ উৎসৱ ২০২১ ।

Brahmaputra utsav 2021: বৰ্ণাধ্য কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী পিযুষ হাজৰিকাৰ

ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বক্ষ্মপুত্ৰৰ খহনীয়া নিয়ন্ত্ৰণ(Erosion control measure by Himanta Government)ৰ বাবে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰা বুলিও উল্লেখ কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই । লগতে মন্ত্ৰীগৰাকীয়ে কয়, জল পৰিবহণ ব্যৱস্থাৰ বাবে নদীকেন্দ্ৰিক সভ্যতা গঢ় লৈ উঠিছিল । নদী আমাৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ সম্পদ । এই সম্পদ আমি সুৰক্ষিত কৰি ৰাখিব লাগিব । বানপানী নিয়ন্ত্ৰণৰ বাবে আমি যথেষ্ট কাম কৰিব লাগিব । ইতিমধ্যে পৰ্যায়ক্ৰমে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

তেওঁ পুনৰ কয়, '' ২০২১ চনৰ ২৬ ছেপ্টেম্বৰত বিশ্ব নদী দিৱস উপলক্ষে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'নদী উৎসৱ' উদযাপনৰ কথা উল্লেখ কৰিছিল । নদী উৎসৱ আয়োজনৰ উদ্দেশ্য হৈছে আমাৰ দেশত শতিকা জুৰি প্ৰচলিত নদীকেন্দ্ৰিক সভ্যতা তথা পৰম্পৰাবোৰৰ সৈতে সংযোগ স্থাপন কৰা । ''

লগতে পঢ়ক : নৰেন্দ্ৰ মোডীৰ শাসনকালত দেশৰ গণতন্ত্ৰ বিপদাপন্ন হৈছে: কে চি বেনুগোপাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.