ETV Bharat / city

নৰেন্দ্ৰ মোডীৰ শাসনকালত দেশৰ গণতন্ত্ৰ বিপদাপন্ন হৈছে: কে চি বেনুগোপাল

author img

By

Published : Dec 17, 2021, 7:30 PM IST

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি বেণুগোপালে(AICC General Secretary KC Venugopal in Guwahati) গুৱাহীটীত উপস্থিত হৈ ক’লে, নৰেন্দ্ৰ মোডীৰ শাসনকালত দেশৰ গণতন্ত্ৰ বিপদাপন্ন হৈছে (Democracy is in danger says KC Venugopal )। মোদীৰ ভুল নীতিৰ বাবে ইন্ধনৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰীৰ মুল্যবৃদ্ধি হৈছে ।

নৰেন্দ্ৰ মোডীৰ শাসনকালত দেশৰ গণতন্ত্ৰ বিপদাপন্ন হৈছে: কে চি বেনুগোপাল
নৰেন্দ্ৰ মোডীৰ শাসনকালত দেশৰ গণতন্ত্ৰ বিপদাপন্ন হৈছে: কে চি বেনুগোপাল

গুৱাহাটী, 17 ডিচেম্বৰ : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ শিৱিৰ(APCC workshop in Guawahati)ৰ শুকুৰবাৰে সামৰণি পৰে । সামৰণি অনুষ্ঠানত অংশ লৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি বেণুগোপালে (AICC General Secretary KC Venugopal in Guwahati) সাংবাদিকৰ আগত কয় যে, এই প্ৰশিক্ষণ অতি প্ৰয়োজন, ই দলীয় কৰ্মী সকলৰ মাজত উৎসাহ যোগোৱাৰ লগতে সংগঠনৰ সাংগঠনিক ভেটি শক্তিশালী কৰে ।

নৰেন্দ্ৰ মোডীৰ শাসনকালত দেশৰ গণতন্ত্ৰ বিপদাপন্ন হৈছে: কে চি বেনুগোপাল

তেওঁ পুনৰ কয়, ''কৰ্মী সকলৰ মাজত প্ৰশিক্ষণৰ জৰিয়তে ডাঙৰ অভিজ্ঞতা হৈছে । এনেধৰণৰ প্ৰশিক্ষণ দেশৰ সকলো ৰাজ্যতে আয়োজন কৰা হৈছে । কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি বেণুগোপালে কয় যে নৰেন্দ্ৰ মোদীৰ শাসনকালত ভাৰতবৰ্ষ বিভিন্ন ধৰণে ভাবুকিৰ সম্মুখীন হৈছে । দেশৰ আন প্ৰান্তৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ভাবুকিৰ সম্মুখীন হৈছে । নৰেন্দ্ৰ মোডীৰ শাসনকালত দেশৰ গণতন্ত্ৰ বিপদাপন্ন হৈছে (Democracy is in danger says KC Venugopal )।

মোদী চৰকাৰক সমালোচনা কৰি তেওঁ পুনৰ কয় যে, সংসদত আলোচনা আৰু বিতৰ্ক কৰিব নোৱাৰা হৈছে । নৰেন্দ্ৰ মোদীৰ ভুল নীতিৰ বাবে ইন্ধনৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰীৰ মুল্যবৃদ্ধি হৈছে । উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ শিৱিৰত ৭০০ গৰাকীয়ে প্ৰতিনিধি অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী: তদন্ত বিচাৰি ৰাজ্যপালক চিঠি কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.