ETV Bharat / state

ডিব্ৰুগড়ৰ সংকল্প যাত্ৰাত উপস্থিত নহ’ল মুখ্যমন্ত্ৰী, কিয় দিল্লী পালেগৈ ড৹ শৰ্মা ?

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 2:29 PM IST

ডিব্ৰুগড়ৰ গণেশবাৰী চাহ বাগিছাত আয়োজন ‘‘বিকশিত ভাৰত, সংকল্প যাত্ৰা’’ কাৰ্যসূচী ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা আছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ কিন্তু ডিব্ৰুগড়ৰ বিপৰীতে দিল্লীলৈহে উৰা মাৰিলে মুখ্যমন্ত্ৰী শৰ্মাই ৷ কিন্তু কিয় (Viksit Bharat Sankalp Yatra program)?

Assam CM not attend Dibrugarh Viksit Bharat Sankalp Yatra program
ডিব্ৰুগড়ত সংকল্প যাত্ৰা

ডিব্ৰুগড়ত সংকল্প যাত্ৰা

ডিব্ৰুগড়, 18 ডিচেম্বৰ : 24 ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন কাৰ্যসূচী লৈ ৰাইজৰ কাষ চাপিছে ৰাজনৈতিক দলসমূহে । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন কাৰ্যসূচীৰে ভোটাৰ ৰাইজৰ ওচৰলৈ যোৱাৰ চেষ্টা চলাইছে শাসক দল বিজেপিয়ে ।

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিসমূহ ৰাইজক অৱগত কৰোৱাৰ বাবে ‘‘বিকশিত ভাৰত, সংকল্প যাত্ৰা’’ কাৰ্যসূচী গ্ৰহণ কৰিছে শাসক দল বিজেপিয়ে । সেই উদ্দেশ্যে সোমবাৰে ডিব্ৰুগড়ৰ গণেশবাৰী চাহ বাগিছাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা হয় "বিকশিত ভাৰত সংকল্প যাত্ৰা"ৰ কাৰ্যসূচী ৷ এই কাৰ্যসূচীত দলীয় কৰ্মকৰ্তাসকলৰ লগতে গণেশবাৰী চাহ বাগিছাৰ বহু ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

ইফালে সোমবাৰে আয়োজিত এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা আছিল ৷ কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাতি পঠিওৱাৰ বাবে ডিব্ৰুগড়ৰ কাৰ্যসূচী বাতিল কৰি মুখ্যমন্ত্ৰী শৰ্মাই উৰা মাৰে দিল্লীলৈ বুলি ৷ এই কথা ৰাজহুৱাকৈ প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰীকাই ডিব্ৰুগড়ৰ গণেশবাৰী চাহ বাগিছাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত ‘‘বিকশিত ভাৰত সংকল্প যাত্ৰা’’ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে । অসম চৰকাৰৰ দুই মন্ত্ৰীক সংগ দিয়ে স্থানীয় বিধায়ক বিনোদ হাজৰিকাৰ লগতে বিধায়ক তংৰগ গগৈ আৰু বিধায়ক মানৱ ডেকাই ।

উল্লেখ্য যে, বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে কেন্দ্ৰীয় চৰকাৰে যিসমূহ আঁচনি হিতাধিকাৰীক প্ৰদান কৰিছে এই সমূহ আঁচনি হিতাধিকাৰীকসকলে লাভ কৰিছে নে নাই পৰীক্ষা কৰা ৷ লগতে কেনেদৰে এই আঁচনিৰ পৰা হিতাধিকাৰীসকল উপকৃত হৈছে আৰু চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ বিষয়ে ৰাইজক অৱগত কৰোৱা ৷

লগতে পঢ়ক : নাহৰকটীয়াত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী, উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.