নাহৰকটীয়াত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী, উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 12:44 PM IST

thumbnail

ডিব্ৰুগড়, ১৭ ডিচেম্বৰ : চমু চাপি আহিছে ২৪ ৰ লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন কাৰ্যসূচীৰে ভোটাৰ ৰাইজৰ ওচৰলৈ যোৱাৰ চেষ্টা চলাইছে শাসক দল বিজেপিয়ে । কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিসমূহ ৰাইজক অৱগত কৰোৱাৰ বাবে "বিকশিত ভাৰত, সংকল্প যাত্ৰা" কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

নাহৰকটীয়াৰ ধাদুমীয়া পঞ্চায়ত প্ৰেক্ষাগৃহত শনিবাৰে বিয়লি অনুষ্ঠিত হয় বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী । এই কাৰ্যসূচীত উপস্থিত থাকে ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ, জলপথ পৰিৱহণ আৰু আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্থানীয় বিধায়ক তৰংগ গগৈ ।

মূলতঃ কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ জনতা তথা কৃষক ৰাইজৰ বাবে গ্ৰহণ কৰা বিভিন্ন অভিলাষী আঁচনিসমূহ জনতাৰ পদূলিলৈ লৈ যোৱাৰ উদ্দেশ্যৰে আয়োজন কৰা হয় এই বিকশিত ভাৰত সংকল্প যাত্ৰা । এই অনু্ষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিগত ৯ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু ইয়াৰ পৰা দৰিদ্ৰ জনগণ কিদৰে উপকৃত হৈছে সেই সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ।

ইফালে এই অনুষ্ঠানৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ লগতে ৫ খন ৰাজ্যৰ বিভিন্ন হিতাধিকাৰীৰ সৈতে ভাৰ্ছুৱেলি বাৰ্তালাপ কৰে । আনহাতে, আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় অথবা লখিমপুৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত দলে যি নিৰ্দেশ দিয়ে, সেয়া পালন কৰিম বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ।

লগতে পঢ়ক : হেকাৰৰ কৱলত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ ফেচবুক পেজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.