ETV Bharat / state

Dibrugarh University : তৃতীয় লিংগৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিশেষ পদক্ষেপ

author img

By

Published : Aug 9, 2023, 3:58 PM IST

Transgender Students Get Admission Opportunities
ডিব্ৰুগড় বিশ্ববিদ্যালৰ বিশেষ পদক্ষেপ

তৃতীয় লিংগৰ লোক সকলৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ বিশ্ববিদ্যালয়খনে তৃতীয় লিংগৰ বাবে মুকলি কৰি দিছে সমাজ কৰ্ম (Master of Social work) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰম ৷

তৃতীয় লিংগৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ

ডিব্ৰুগড়, 9 আগষ্ট : তৃতীয় লিংগৰ লোক সকলৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ ৰাজ্যৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ বিশ্ববিদ্যালয়খনে তৃতীয় লিংগৰ বাবে সমাজ কৰ্ম বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীত বিনামূলীয়াকৈ নামভৰ্তিৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

বিভিন্ন সময়ত বিশ্ববিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীক শৈক্ষিক ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷ বিশ্ববিদ্যালয়খনৰ এনেবোৰ পদক্ষেপৰ ফলত ছাত্ৰ-ছাত্ৰী সকলে ৰাজ্যৰ বৌদ্ধিক ক্ষেত্ৰৰ লগতে সমাজ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে লৈছে এক বিশেষ পদক্ষেপ ৷ তৃতীয় লিংগৰ লোকসকলৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

তৃতীয় লিংগৰ বাবে উচ্চ শিক্ষাৰ দুৱাৰ মুকলি কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ৷ উচ্চ শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী তৃতীয় লিংগৰ লোকে অধ্যয়ন কৰিব পাৰিব বিশ্ববিদ্যালয়খনত ৷ এই বৰ্ষত বিশ্ববিদ্যালয়খনে তৃতীয় লিংগৰ বাবে মুকলি কৰি দিছে সমাজ কৰ্ম (Master of Social work) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰম ৷ স্নাতকোত্তৰ মহলাৰ দুবছৰীয়া এই পাঠ্যক্ৰমত অধ্যয়নৰ বাবে সুবিধা লাভ কৰিবলৈ তৃতীয় লিংগৰ ছাত্ৰ-ছাত্ৰীয়ে বহিব লাগিব প্ৰৱেশিকা পৰীক্ষাত ৷ এই সন্দৰ্ভত ইতিমধ্যে জাননী প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় প্ৰশাসনে ৷

১০ আগষ্টত অনুষ্ঠিত হ'ব লিখিত প্ৰৱেশিকা পৰীক্ষা আৰু মৌখিক পৰীক্ষা ৷ এই পৰীক্ষাত উত্তীৰ্ণ হোৱা তৃতীয় লিংগৰ লোকে বিনামূলীয়াকৈ সমাজ কৰ্ম বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ সুবিধা পাব ৷ তেওঁলোকৰ শৈক্ষিক ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নোহোৱাকৈ সকলো ব্যৱস্থা কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ৷ যি সময়ত তৃতীয় লিংগৰ লোকসকলক সুকীয়াভাৱে চোৱা হয়, সেই সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেওঁলোকৰ বাবে উচ্চ শিক্ষাৰ দুৱাৰ খুলি দিয়াটো এক উৎকৃষ্ট নিদৰ্শন ৷ বিশ্ববিদ্যালয়খনৰ এই পদক্ষেপক এতিয়া সকলোৱে আদৰণি জনাইছে ।

লগতে পঢ়ক : Majul underdeveloped area: মামা আমাক এখন দলং লাগে; মাজুলীৰ ভাগিনৰ মুখ্যমন্ত্ৰী মোমায়েকলৈ কাতৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.