Majul underdeveloped area: মামা আমাক এখন দলং লাগে; মাজুলীৰ ভাগিনৰ মুখ্যমন্ত্ৰী মোমায়েকলৈ কাতৰ আহ্বান

By

Published : Aug 9, 2023, 2:20 PM IST

thumbnail

মাজুলী, 8 আগষ্ট: উন্নয়নে স্পৰ্শ নকৰা মাজুলীৰ এখন গাঁও ৷ জন প্ৰতিনিধিৰ চকুত নপৰা মাজুলীৰ শালমৰাৰ দৃশ্য দেখিলে আপুনিও ক’ব উন্নয়ন জাহ গ’ল ব্ৰহ্মপুত্ৰত ৷ কাৰণ দলঙৰ অভাৱত বিদ্যালয়লৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজৰ ৷ ৰাজ্যত উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজোৱা চৰকাৰে শালমৰাত থকা একমাত্ৰ দলঙৰ জকাটো দেখিব নে !

মৃৎশিল্পৰ বাবে চহকী শালমৰা গাঁৱৰ এক মাত্ৰ পথত নচলে বাইক, নচলে এম্বুলেঞ্চ । গাঁওখনৰ মাজ ভাগত থকা পথচোৱা যাতায়তৰ একমাত্ৰ পথ ৰাইজৰ ৷ সেয়ে ভুক্তভোগী ছাত্ৰ-ছাত্ৰীৰ অনুৰোধ, ‘‘মামা আমাক এখন দলং লাগে ৷ আমাৰ বিদ্যালয়ল যাবলৈ যথেষ্ট অসুবিধা হয় ৷ আমাৰ কিতাপ পানীত তিতি যায় ৷ আমি এনেকৈ হ’লে কেনেকৈ পঢ়িম !’’ অতি পৰিতাপৰ কথা আধাৰশিলা স্থাপন হোৱাৰ পাচতো পথটোৰ কাম নকৰাক লৈ ক্ষোভ স্থানীয় ৰাইজৰ । 

লগতে পঢ়ক:Bhuvan Gam anger against Brahmaputra Board: মিছামৰাত খহনীয়া পৰিদৰ্শন ভুৱন গামৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.