ETV Bharat / state

টিংখাঙৰ ভুক্তভোগী পৰিয়াললৈ আৰ্থিক সাহাৰ্য বিধায়কৰ

author img

By

Published : Jan 18, 2021, 5:21 PM IST

tingkhong-mla-provide-financial-assistance
টিংখাঙৰ ভুক্তভোগী পৰিয়াললৈ আৰ্থিক সাহাৰ্য প্ৰদান

১২ জানুৱাৰীৰ নিশা টিংখাঙৰ নগাবাটত সংঘটিত হোৱা জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ এটা সপ্তাহ উকলি যোৱাৰ পাছতো অপৰাধীৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম ন‘হল আৰক্ষীয়ে ৷ ইফালে ভুক্তভোগীৰ পৰিয়ালত উপস্থিত হৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰে বিধায়ক বিমল বৰাই ৷

টিংখাং, 18 জানুৱাৰী : টিংখাঙত সংঘটিত জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো আৰক্ষীয়ে ঘটনাৰে জড়িত কোনো অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম নহ‘ল ৷

অতি নিখুত পৰিকল্পনাৰে দুবৃত্তই সংঘটিত কৰা এই জঘন্য হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ঘটনাস্থলীত তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে হত্যাকাৰীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

উল্লেখ্য যে, যোৱা ১২ জানুৱাৰীৰ নিশা টিংখাঙৰ নগাবাটত সংঘটিত হৈছিল জঘন্য হত্যাকাণ্ডৰ ঘটনা। দুৰ্বৃত্তৰ নৃশংসতাৰ বলি হৈ অকাল মৃত্যুক আঁকোৱালি লৈছিল এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী আৰু এগৰাকী মহিলাই।

টিংখাঙৰ ভুক্তভোগী পৰিয়াললৈ আৰ্থিক সাহাৰ্য প্ৰদান

সোমবাৰে ভুক্তভোগী পৰিয়ালটোৰ বাসগৃহত উপস্থিত হয় টিংখাঙৰ বিধায়ক বিমল বৰা ৷ বাসগৃহত উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জনোৱাৰ লগতে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা মৃত মহিলাগৰাকীৰ নামত ৫ লাখ টকা আৰু ছাত্ৰীগৰাকীৰ নামত ৩ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় বিধায়কগৰাকীয়ে ৷

আৰ্থিক সাহাৰ্য লাভ কৰিলেও ভুক্তভোগীৰ পৰিয়ালটোৱে অতি সোনকালে হত্যাকাৰীক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবী জনাইছে ৷
লগতে পঢ়ক: ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত উত্তাল টিংখাঙৰ ৰাজপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.