ETV Bharat / state

টিংখাঙত পোৱালি বিচাৰি বাঘিনীৰ সন্ত্ৰাস

author img

By

Published : May 26, 2020, 4:22 PM IST

টিংখাঙৰ মহখোৱা গাঁৱত দুটাকৈ নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ । স্থানীয় ৰাইজে পোৱালি দুটা আৰক্ষীক গতাই দিয়াৰ পিছতে পোৱালি দুটাৰ মাকজনীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে গাঁওখনত ৷ বাঘিনীজনীক পিঞ্জৰাবদ্ধ কৰিবলৈ পিঞ্জৰা স্থাপন বন বিভাগৰ ৷ বাঘিনীৰ সন্ত্ৰাসৰ আতংকিত হৈ পৰিছে গাঁৱবাসী ।

টিংখাঙত পোৱালি বিচাৰি বাঘিনীৰ সন্ত্ৰাস
টিংখাঙত পোৱালি বিচাৰি বাঘিনীৰ সন্ত্ৰাস

টিংখাং, 26 মে’: ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত মহখোৱা গাঁৱত মঙলবাৰে উদ্ধাৰ হয় দুটাকৈ কণমানি বাঘৰ পোৱালি । মহখোৱা গাৱঁৰ গাঁওবুঢ়া মহেন্দ্ৰ হাজৰিকাৰ ঘৰৰ চাহ বাগিছাত কেঁচা চাহপাত চিঙি থকা অৱস্থাত বাঘৰ পোৱালি দুটা প্ৰত্যক্ষ কৰে শ্ৰমিকে ৷ ফলত হুৱা-দুৱাৰ সৃষ্টি হয় অঞ্চলটোত ।

ইয়াৰ পিছতে বাগিছাখনৰ ভিতৰৰ এটা নলাৰ পৰা ৰাইজে কণমানি নাহৰফুটুকী বাঘৰ পোৱালি দুটা উদ্ধাৰ কৰি স্থানীয় ৰাজগড় আৰক্ষী চকীত খবৰ দিয়ে আৰু আৰক্ষী-বন বিভাগৰ লোকে বাঘৰ পোৱালি দুটা আৰক্ষী চকীলৈ লৈ যায় । কিন্তু বাঘৰ পোৱালি দুটাক বিচাৰি পোৱালি দুটাৰ মাকে সন্ত্ৰাসৰ সৃষ্টি কৰিছে গাঁওখনত ৷

টিংখাঙত পোৱালি বিচাৰি বাঘিনীৰ সন্ত্ৰাস

বাঘৰ আশংকাত আতংকিত হৈ পৰিছে গাওঁবাসী । ইতিমধ্যে বাঘৰ পোৱালি দুটা উদ্ধাৰ হোৱা স্থানত বন বিভাগৰ লোক উপস্থিত হৈ বাঘিনীজনীকো পিঞ্জৰাবদ্ধ কৰিবলৈ পিঞ্জৰা স্থাপন কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ভয়ানকভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.