ETV Bharat / state

Cattle smuggler arrested: সোণাৰিত আন্তঃৰাজ্যিক গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ

author img

By

Published : Nov 29, 2021, 6:30 PM IST

Cattle smuggler arrested
সোণাৰিত আন্তঃৰাজ্যিক গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ

বহিঃ ৰাজ্যলৈ গৰুৰ চোৰাং সৰবৰাহ কৰি সোণাৰিত শনিবাৰে গ্ৰেপ্তাৰ হ'ল গাঁওৰক্ষী বাহিনীৰ সম্পাদকসহ তিনিজন(Cattle smuggler arrested at Sonari) ৷ এখন বাহনত সাতটা গৰু নাগালেণ্ডলৈ নি থকাৰ সময়তে গাঁওৰক্ষী বাহিনীৰ সদস্যই কৰায়ত্ব কৰি চোৰাং ব্যৱসায়ীকেইজনক আৰক্ষীক চমজাই দিয়ে (Public nabbed cattle smuggler at Sonari) ৷

মৰাণ, 29 নৱেম্বৰ : বহিঃ ৰাজ্যলৈ গৰুৰ চোৰাং সৰবৰাহৰ অভিযোগত গাঁওৰক্ষী বাহিনীৰ সম্পাদকসহ সোণাৰিত গ্ৰেপ্তাৰ হ'ল তিনিজন (Cattle smuggler arrested in Sonari)। শনিবাৰে মাজনিশা AS 04 AC 9231 নম্বৰৰ এখন টাটা এচি বাহনত সাতটা গৰু নাগালেণ্ডলৈ নি থকাৰ সময়তে পুৰণি টাওকাক অঞ্চলত গাঁওৰক্ষী বাহিনীৰ সদস্যই লোক তিনিজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় (Public nabbed cattle smuggler at Sonari)।

নিশা গাঁওৰক্ষী বাহিনীয়ে পহৰা দি থকা সময়তে কৰায়ত্ব কৰা লোককেইজন হ'ল সোণাৰিৰ পাৰ্শ্বৱৰ্তী ভজোৰ উত্তম দে' (৩৫), সোণাৰি দৰ্জীপটিৰ নিয়ামত আলি(১৮) আৰু পুৰণি টাওকাকৰ শ্বেখ ফৰিদ আলি । ইয়াৰে শ্বেখ ফৰিদ আলি নামৰ লোকজন পুৰণি টাওকাক অঞ্চলৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ।

গাঁওৰক্ষী বাহিনীৰ দ্বাৰা কৰায়ত্ত কৰা আটাইকেইজন লোককে নিশাই নামতোলা আৰক্ষীক চমজাই দিয়া হয় । ঘটনা সন্দৰ্ভত ইতিমধ্যে নামতোলা আৰক্ষী থানাই ৫৫/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 379/411/506, R/W Sec 11 (1) (2) Cruelty to Animals Act, 1960, R/W Sec 13 Assam Cattle Preservation Actৰ অধীনত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Burmese Cigarettes Seized : চিগাৰেট সহ আটক দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.