Burmese Cigarettes Seized : চিগাৰেট সহ আটক দুজন

author img

By

Published : Nov 27, 2021, 10:36 PM IST

burmese-cigarettes-seized-at-diphu

ডিলাই আৰক্ষীৰ নাকা তালাচীত ধৰা পৰে বাৰ্মিজ চিগাৰেটখিনি(Burmese Cigarettes Seized) ৷ ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে অনা হৈছিল চিগাৰেটখিনি ।

ডিফু, ২৭ নৱেম্বৰ : বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষী(Dilai Police Station)ৰ নাকা তালাচীত শনিবাৰে বৃহৎ পৰিমাণৰ বাৰ্মিজ চিগাৰেট(Barmies cigarets seized) জব্দ কৰা হয় । আৰক্ষীৰ দলটোৱে এখন ৱেগনাৰ বাহনৰ ভিতৰত কঢ়িয়াই অনা তিনিটা ট্ৰাংকৰ ভিতৰত উদ্ধাৰ কৰে বাৰ্মিজ চিগাৰেটসমূহ । ডিলাই আৰক্ষীয়ে বাৰ্মিজ চিগাৰেটখিনি জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় ৷

বাৰ্মিজ চিগাৰেট কঢ়িয়াই অনা ট্ৰাংককেইটাত GC/CRPF GHY বুলি লিখা আছিল । চিগাৰেটখিনি কঢ়িয়াই অনা ৱেগনাৰ বাহনখনৰ নম্বৰ হৈছে AS-09H-1508 ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত বাৰ্মিজ চিগাৰেটখিনি কোনো কেণ্টিনলৈ লৈ যোৱা হৈছিল বুলি জানিব পৰা হৈছে ।

ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফণীধৰ ৰাভা

ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে অনা হৈছিল বাৰ্মিজ চিগাৰেটখিনি । আনহাতে আটকাধীন লোক দুজন তামিলনাডুৰ আৰ পানিৰ চালভাম আৰু মৰিগাঁৱৰ আহাবাৰ ৰহমান বুলি জানিব পৰা হৈছে । উক্ত বাৰ্মিজ চিগাৰেটখিনিৰ বজাৰ মূল্য প্ৰায় দুই লাখ টকা হ'ব বুলি আৰক্ষী সূত্ৰে জানিব পৰা হৈছে ।

লগতে পঢ়ক : Drugs Peddler Caught : যাত্ৰীবাহী বাছত নিষিদ্ধ ড্ৰাগছসহ আটক দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.